0 00 1 min 4 yrs 204

মৌচম গগৈ, নতুনকৈ নাম কোৱা বা চিনাকি কৰি দিয়াৰ কোনো প্ৰয়োজন নাই । কিয়নো অসমৰ ৰাইজে ভালদৰে জানে যে মৌচম গগৈ কোন হয় । এগৰাকী অন্যতম জনপ্ৰিয় কণ্ঠশিল্পী মৌচম গগৈ । তেওঁৰ প্ৰথম গীত মুক্তি লাভ কৰিছিল ২০০৪ চনত । “মৰমজান ” এলবামৰ “ভৰি পিছল খালে খামুচিবা” গীতটোৰ যোগেদি প্ৰথমবাৰৰ বাবে চৰ্চালৈ আহিছিল কণ্ঠশিল্পী জন । তাৰ পাছৰ পৰা তেওঁ থমকি ৰোৱা নাই । “মন ফাগুনৰ বা” , “মৰিচীকা”, “মগ্ন ”, “ঋতু” , “মন ফাগুনী”  আদি এটাৰ পাছত এটাকৈ ধুনীয়া-ধুনীয়া এলবাম অসমৰ ৰাইজলৈ আগবঢ়াই আহিছে । মৌচম গগৈৰ কিছুমান উল্লেখযোগ্য গীত হ’ল চপৰা-চপৰে , ফুল গাৰেণ্টি , আৱতৰীয়া , অ’ ভনি নিৰু , বুকু ভৰি আছে ইত্যাদি ।

Leave a Reply

Your email address will not be published. Required fields are marked *