0 00 1 min 3 yrs 176

জনসংখ্যা নিয়ন্ত্ৰণ আৰু বাল্যবিবাহ বন্ধ কৰিবলৈ আহ্বান বিধায়ক আব্দুল বাতিন খন্দকাৰৰ।

আজি বঙাইগাওঁ জিলাৰ মেৰেৰচৰ আৰক্ষী চকীৰ অন্তৰ্গত বালাৰচৰত জনসংখ্যা নিয়ন্ত্ৰণ আৰু বাল্যবিবাহ বন্ধ কৰিবলৈ এখন সজাগতা সভা অনুস্থিত কৰে ।

সভাত সংখ্যালঘু ৰাইজক জনসংখ্যা নিয়ন্ত্ৰণ কৰিবলৈ বিধায়ক আব্দুল বাতিন খন্দকাৰে আহ্বান জনাই ।
আৰু জনসংখ্যা নিয়ন্ত্ৰণ ব্যৱস্থাটো ইছলাম ধৰ্মত আগৰে পৰাই চলি আহিছে কিন্তু ধৰ্মীয় ৰীতি মতে জনসংখ্যা নিয়ন্ত্ৰণ অস্থায়ী ভাৱেহে কৰিব পাৰি। খন্দকাৰে আৰু কয় যে অতি শীঘ্ৰে বালাৰচৰত এখন কলেজ নিৰ্মাণ কৰাৰ ব্যৱস্থা কৰা হৈছে। আজিৰ সজাগতা সভাৰ সভাপতিত্ব কৰে বালাৰচৰ মাত্ৰাঘোলা গাওঁ পঞ্চায়তৰ সভাপতি ছেকান্দাৰ প্ৰধানীয়ে। সভাত উপস্থিত থাকে উত্তৰ অভয়াপুৰী বিধানসভা সমষ্টিৰ বিধায়ক আব্দুল বাতিন খন্দকাৰ, বঙাইগাঁও জিলাৰ আৰক্ষী অধীক্ষক লোনা সোনোৱাল, আৰু SDPO নিতুমনি দাসৰ লগতে অভয়াপুৰীৰ OC, মেৰেৰচৰ OC, বৰঘোলাৰ IC আৰু কোকিলাৰ IC য়ে।

সংবাদ দাতাঃ আব্দুল কৰিম ।

Leave a Reply

Your email address will not be published. Required fields are marked *