December 27, 2019
ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ উদ্যোগত জাগীৰোডত আয়োজিত “ঐক্য সমদল”ত অংশগ্ৰহণ কৰি আৰু বৃহৎ সংখ্যক ৰাইজক সম্বোধন কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে
“ৰাইজে শান্তি আৰু উন্নয়নহে বিচাৰে। সেইবাবে শান্তি, সম্প্ৰীতি আৰু একতাৰ জৰিয়তে হিংসা আৰু অশান্তিক প্ৰতিহত কৰাটো আমাৰ প্ৰধান দায়িত্ব।”
তেওঁ লগতে আৰু কয় যে
“ভাৰতীয় জনতা পাৰ্টিয়ে অসমৰ খিলঞ্জীয়া লোকৰ সুৰক্ষাৰ হকে প্ৰকৃতাৰ্থত কাম কৰি আহিছে। অসম আৰু অসমীয়াৰ স্বাৰ্থক সদায়েই আওকাণ কৰি অহা কংগ্ৰেছ আৰু বাওঁপন্থীসকলেহে এতিয়া ৰাইজক বিভ্ৰান্ত কৰাৰ অপচেষ্টা কৰি আছে। কিন্তু অসমৰ খিলঞ্জীয়া লোকসকলৰ অধিকাৰ সুৰক্ষিত কৰি আৰু অসমৰ সামগ্ৰিক স্বাৰ্থক প্ৰাধান্য দি আমি নিষ্ঠাৰে উন্নয়নৰ যাত্ৰা অব্যাহত ৰাখিম।”
অঞ্জন সন্দিকৈ