0 00 1 min 4 yrs 178

হেৰা চোৱানা বৰষুণজাক

মোৰ তিতিব মন গৈছে জানা
বৰষুণজাকত দুহাত মেলি তিতিম
চিঞৰি চিঞৰি গোটেই জগতক জনাই দিম
আজি মই কিমান সুখী
তোমাক পোৱাৰ আনন্দত
দুদিন আগতে তুমি মোৰ নাছিলা
কিন্তু আজি তুমি মোৰ হ’লা
যেতিয়া তুমি মোৰ নাছিলা
বৰষুণজাক মনোমোহা নাছিল
তোমাক পোৱাৰ হেপাহত
যেন বৰষুণজাকক বহুত বহুত ধন্যবাদ দিম
চিঞৰি ক’ম চিঞৰি
তুমি মোৰ, তুমি মোৰ
আজি বৰষুণজাকত সঁচাকৈ তিতিম
আস.. কি যে মধুৰ ক্ষণ
তোমাক পোৱাৰ আনন্দত
মোৰ চকু দুটা তিতিছে ও প্ৰিয়া
তোমাক পোৱাৰ আনন্দত
তুমি জানানে, এয়া সুখৰ চকুলো
আনন্দৰ চকুলো
প্ৰিয়া, তুমি বৰষুণজাকক কোৱা
চিঞৰি চিঞৰি
আজি আমি কিমান সুখী
       ✍ জিন্টু মণি
  

Leave a Reply

Your email address will not be published. Required fields are marked *