0 00 1 min 4 yrs 161

    ইলামণি শইকীয়া
ফাগুনৰ বলীয়া বতাহজাকে
নগৰখনৰ বুকুত অঘৰী সপোন এটা ৰচে
ফাগুন ফাগুন বতাহে শিমলুক উচটাই কলিজাৰ ৰঙাৰে আকাশ ফুলাবলৈ৷
হ’ব পাৰে-
ফাগুন এজাক ধূলিয়ৰী বৰষুণৰ নাম
হ’ব পাৰে-
ফাগুন এখন ধূসৰ নদীৰ নাম৷
শিপা হেৰুওৱা মানুহক
ফাগুনেই ফুচফুচাই কয়-
অস্থিৰ-উদভ্ৰান্ত হৈ জীৱনক চুহি খোৱা…
ঘূৰি আহা হিল্লোল সময়লৈ৷
জুইফুল কিয় ফুলেৰ ঠিকনা
থাকে মাথো-ফাগুনৰ বুকুত
——————————–

Leave a Reply

Your email address will not be published. Required fields are marked *