নে নকল সোণ
কথাবোৰ ফুলৰ পাহি নে কাঁইট
কথাবোৰ ইস্ত্ৰি কৰোঁতে পুৰি যোৱা
মৰমৰ কাপোৰযোৰৰ আঁচল নে
আকস্মিকভাৱে খুন্দা খাই নখত পোৱা দুখ
কথাই কি কথা কয় আমাক
কথাই আমাক কয়নে
যোৱা এইফালেৰেই যাব পাৰি পোহৰলৈ
এনেকৈ যোৱা পিছলি নপৰিবলৈ
আমিহে কথা কওঁ
ক’ব বিচৰা কথা যিমান কওঁ
নিবিচৰা কথাও সিমানেই কওঁ
ক’বলৈ বিচৰা কথাবোৰক পুৰি পেলায়
নিবিচৰাকৈ কোৱা কথাৰ ফিৰিঙতিয়ে!
ক’ব বিচৰা কথাবোৰ কি
জাহ যায় ঘৃণাত
অৱজ্ঞাত!
গোটেই কথাবোৰ কথা নহৈ
সাপ হৈ মেৰিয়াই ধৰে জিভা
ডিঙিত বিষ ঢালি আঁতৰি যায় অচিন অৰণ্যলৈ
শেষত আমি এটা কথাই ধৰি থাকোঁ
সেই কথাটোৱে আমাক এদিন এৰি দিয়ে
সেই কথা উশাহৰ
সেই কথা জীৱনৰ
উশাহৰ বিকল্প আৰু একো নাই!
কথাবোৰেও ঘূৰাই আনিব নোৱাৰে উশাহ!
জুপিতৰা নাথ