0 00 1 min 3 yrs 224

নগাওঁ জিলাৰ নৱনিযুক্ত আৰক্ষী অধীক্ষক আনন্দ মিশ্রই ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰাত নিতৌ গ্ৰেপ্তাৰ হৈ আহিছে ন-ন ব্যৱসায়ী। আজি নিশাৰ ভাগত ৰূপহীহাটৰ জুৰীয়া আৰক্ষীয়ে এক অভিযান চলাই জামুগুৰি গাঁৱৰ পৰা বুজন পৰিমাণৰ ব্ৰাউন চুগাৰ সহ হবিবুৰ ৰহমান নামৰ এজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়। বিগত দীৰ্ঘদিন ধৰি ধৃত হবিবুৰ ৰহমানে নিষিদ্ধ ড্ৰাগছৰ বেহাৰ লগত জড়িত হৈ আছিল । জুৰীয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মৃগেন শইকীয়া আৰু দগাওঁ আৰক্ষী পহৰা চকীৰ সহ উপ-পৰিদৰ্শক ফজৰ আলীৰ নেতৃত্বত চলা এই অভিযানত জামুগুৰি গাঁৱৰ হবিবুৰ ৰহমানৰ গৃহৰ পৰা বুজন পৰিমাণৰ ব্ৰাউন চুগাৰ , খালি কণ্টেইনাৰ লগতে AS 02D7365 নম্বৰ ৰ মটৰ চাইকেল জব্দ কৰিবলৈ সক্ষম জুৰীয়া আৰক্ষীয়ে ।

ৰেজাউল

Leave a Reply

Your email address will not be published. Required fields are marked *