0 00 1 min 4 yrs 181

অলিয়ে-গলিয়ে বেলুন বিক্ৰী কৰি ঘূৰি ফুৰা মহিলা গৰাকীৰ জোতা পলিচ কৰা পুত্ৰজন সংগীত জগতৰ অনুপ্ৰেৰণা তথা আদৰ্শ হ’ল । লাভ কৰিলে ইণ্ডিয়ান আইডল খিতাপ । হয় , মই চানীৰ কথা কৈছোঁ । প্ৰতিভা থাকিলে যে দৰিদ্ৰতা সফলতাৰ হেঙাৰ হ’ব নোৱাৰে সেয়া প্ৰমাণ কৰি দেখুৱালে বাটিন্দ্ৰাৰ নিবাসী চানীয়ে । প্ৰয়োজন মাথোঁ ধৈৰ্য , একাগ্ৰতা আৰু কঠোৰ পৰিশ্ৰমৰ । চিনী সৰুৰেপৰাই এইবোৰ গুণৰ অধিকাৰী আছিল । সেয়েহে অহৰহ জোতা পলিচ কৰি ভাগৰি যোৱাৰ পাছতো আজৰি সময়ত সংগীতৰ সাধনা কৰিবলৈ এৰা নাছিল । টকা-প্ইচাৰ অভাৱৰ বাবে চানীয়ে সংগীতৰ কোনো আনুস্থানিক শিক্ষা গ্ৰহণ কৰিব পৰা নাছিল যদিয়ো চানী হতাশ হোৱা নাছিল । ম’বাইলত ইউটিউবৰ ভিডিঅ’ চাই-চাই ৰিয়াজ কৰিছিল চানীয়ে । আৰু আজি তাৰ পৰিণাম সমগ্ৰ দেশবাসীৰ জ্ঞাত । চানীৰ এই জয় যেন সমগ্ৰ দেশবাসীৰ জয় ।

পংখী শৰ্মা

Leave a Reply

Your email address will not be published. Required fields are marked *