0 00 1 min 4 yrs 234
যোৱা ৩১ জানুৱাৰীত শিৱসাগৰ জিলা নামতিৰ খেজুৰিতলত আৰ্থ, সামাজিক, শিক্ষা, সাহিত্য আৰু সাংস্কৃতিক বিকাশ মঞ্চ “জোনাকী সমাজ”ৰ সৌজন্যত আৰু সদৌ তাই আহোম ছাত্ৰ সন্থা, বৰুৱাপুখুৰীৰ আঞ্চলিক সমিতিৰ সহযোগত অনুষ্ঠিত হয় আন্তৰংগ আলাপ অনুষ্ঠান আৰু মেডামমেফি উদযাপন ৷ 
অসমৰ বহু কেইগৰাকী বিশিষ্ট সাহিত্যিকৰ উপস্থিতিত বিভিন্ন শংকৰী আৰু জনগোষ্ঠীয় কৃষ্টি প্ৰদৰ্শন, কবিতা আবৃত্তি, গীত পৰিৱেশন, অণুগল্প পাঠ আদিয়ে অনুষ্ঠানটি গাম্ভীৰ্যপূৰ্ণ হৈ পৰে ৷
সেই মহান তথা পবিত্ৰ মঞ্চতে অসমীয়া ভাষা-সাহিত্যৰ ক্ষেত্ৰলৈ সৃষ্টি আৰু সাংগঠনিক অৱদানৰ বাবে আমাক “জোনাকী নৱ কাব্য বঁটা ২০২০” প্ৰদান কৰে ৷ আমি অভিভূত ৷ আমাৰ দৰে সামান্য এজনক এই মহান স্বীকৃতি ভৰা মৰম দিলে ৷ 
এই আপাহতে আমি উল্লেখ কৰিবই লাগিব যে, বিগত সময়ত বিভিন্ন ব্যক্তি, অনুষ্ঠানৰ লগত জড়িত হৈ আমি চৰ্চাৰ বাবে অধিক অনুপ্ৰাণিত হৈছিলো ৷ 
বিশেষ উল্লেখযোগ্য যে, জোনাক ই আলোচনীৰ সৈতে একত্ৰিত হ’বলৈ পাই আমি অসমৰ বিভিন্ন নবীন প্ৰবীণ কবি-সাহিত্যিকৰ লেখা পঢ়িবলৈ পাইছো ৷ আৰু সেইবোৰে আমাক অনন্য অনুপ্ৰেৰণা যোগাইছে ৷ আমি তাৰ বাবে অধিক চৰ্চাৰ বাবে মল দিব পাৰিছো ৷ 
সেয়ে জোনাকৰ সম্পাদনা সমিতি প্ৰমুখ্যে সমূহ লেখকলৈ আমাৰ কৃতজ্ঞতা জনালোঁ। 
জোনাক আপোনালোকৰ মনৰ জোনাকখিনি সমাজত প্ৰতিফলিত কৰি যাব সদায়ে..
স্নেহেৰে..
দীপ হেষ্টিংছ বৰি
মুখ্য সম্পাদক
জোনাক ই-আলোচনী

Leave a Reply

Your email address will not be published. Required fields are marked *