0 00 1 min 4 yrs 242

জোনাক_

_তোৰ বাবে লিখা কবিতাটো_
_আধৰুৱাকৈয়ে এৰিলোঁ।_
_মোৰ মন পদূলিত এয়া বৰষাই_
_মায়াজাল আঁৰি পুনৰ চৌপাশ ঢাকিছে।_
_একো মণিব পৰা নাই!_
_যি জাক বতাহ বলিছে_
_নদীৰ বুকুতো চাগে প্ৰণয়ে_ _হাঁহিছে,_
_আবেগৰ কেনভাছত_
_ছবিবোৰ জিলিকি_
_মোৰ পঁজাটো পোহৰাই_ _তুলিছে।_
_বণহাঁহ জাকিৰ লগতে_
_হাঁহিবোৰো মোৰ ডেউকা মেলি_
_দূৰলৈকে উৰিছে।_
_পৰা নাই ধৰিব_
_কৰ পৰা বলিছে…_
_মালতীয়ে হাঁহিছে নেকি বাৰু?_
_তাইয়ে পখিলা হৈ_
_মোৰ ৰঙা গোলাপ পাহ_
_খুলি খুলি খাইছেনে বাৰু।_
_ৰক্ত জবাৰ ৰং খানি গাত_
_তাইয়ে নাচিছে নেকি?_
_মুখৰিত পদূলিৰ_
_হেঙুলীয়া আবেলিটো তাইয়ে_ _চাগে পিন্ধিছে।_
_সেয়ে চাগে আজি_
_তাইৰ মুকুতা সৰা হাঁহিটি,_
_ৰংখনা দুগালৰ_ _গোলপীয়াবোৰ চাবলৈ_
_হৃদয়ে বৰকৈ খাতনি ধৰিছে।_
_জোনাক…_
_আজি নহ’ব_
_তাইৰ উন্মাদ হাঁহিৰ_ _খিলখিলনি বোৰ চাবলৈ মন_ _মোৰ উৰিব ধৰিছে।_
_কিজানিবা তাইয়ে পছোৱা হৈ  মোক_
_আমনি কৰিছে।_ 
 _কবিতাটো নোৱাৰিম_ _জোনাক_
_তাইৰ ৰাগীয়ে মোৰ সকলো কাঢ়িলে,_
_ছন্দ মিলাইও আজি_
_কবিতাৰ ভাষা হেৰালে!_
_কবিতাটো এৰিলোঁ _জোনাক…._ 
                   *-অমৰ জ্যোতি বৰদলৈ*

Leave a Reply

Your email address will not be published. Required fields are marked *