0 00 1 min 4 yrs 223

সৌ দূৰ আকাশত 

জোনাক নিশা
পপীয়া তৰাৰে খেলা,
সৰগৰ ইন্দ্ৰৰ
ৰাজসভাত সেয়া
পাতিছে নেকি
কিবা মেলা।
জোনবাইৰ হাঁহি
আহিছে ভাঁহি
তৰাৰ ধেমালি চোৱা,
ৰম্ভা মেনকাই
ইন্দ্ৰৰ ৰাজসভাত
কৰিছে নেকি নৃত্যৰ খেলা।
জোনাকৰ জোনাকী
মধুস্মিত ক্ষণ
জোনবাইৰ দেশৰে কথা,
দশ দেৱতাই
ঘুৰি ঘুৰি চাইছে
বজাই দুন্দুভি শুনা।
লাজুকী চাৱনিত
ধ্ৰুৱ তৰাইও 
খিলখিলাই  মাৰিছে হাঁহি,
উঠিছে সৃষ্টিৰ ঢৌ
হ’ব নেকি আজি
বিশ্বৰ প্ৰান্তত
এক নৱ দিগন্ত প্ৰাপ্তি।
——————————————————————–
জিণ্টু চাংমাই(১২/১/২০১৯)
নগাঁও:চামগুৰি

Leave a Reply

Your email address will not be published. Required fields are marked *