0 00 1 min 3 yrs 229


ৰাজ্যত কৰ’না ভাইৰাচে সন্ত্ৰাসৰ সৃষ্টি কৰাৰ সময়তেই টীয়ক এফ,আৰ , ইউত চেলেংহাটৰ সমাজ কৰ্মী তথা চেলেংহাট হেল্থ ক্লাৱৰ সভাপতি তুষাৰ পালে চিকিৎসালয় খনত উপস্থিত হৈ মহামাৰী কৰ’না ভাইৰাছৰ লগত নিজৰ জীৱনকো তুচ্ছ কৰি সেৱা আগবঢ়োৱা চিকিৎসক, নাৰ্ছ সকলক একোখনকৈ গামোচাৰে সম্বৰ্ধনা জনায়।



লগতে চিকিৎসালয়ত ভৰ্তি হৈ থকা ৰোগী আৰু কভিড পজিটিভ ৰোগী সকলক খাদ্য সামগ্ৰী বিতৰণ কৰি মহানুভৱতাৰ এক নিদৰ্শন দাঙি ধৰে ।


এইজন সমাজ কৰ্মীয়ে কৰ’না মহামাৰীৰ সময়তো নিজা একক প্ৰচেষ্টাৰে টীয়ক – চেলেংহাটকে ধৰি অঞ্চলটোৰ বিভিন্ন প্ৰান্তত হোম কোৱাইণ্টাইন হৈ থকা ব্যক্তি সকলক খাদ্য সামগ্ৰী যোগান ধৰি আহিছে।


উল্লেখযোগ্য যে সমাজ কর্মী তুষাৰ পালে বিগত দহ বছৰৰো অধিক সময় ধৰি যোৰহাট জিলাত ড্ৰাগছ আৰু সুৰাৰ ওপৰত শিবিৰ অনুষ্ঠিত কৰি সজাগতা সৃষ্টি কৰিছে ।


ড্ৰাগছ আৰু সুৰাৰ ওপৰত এই সজাগতা শিবিৰ অনুষ্ঠিত কৰি অহাৰ বাবে বৰ্তমান দিল্লীত ১৫ জুন তাৰিখে ৰাষ্ট্ৰীয় সমাজ সেৱা বঁটা লাভ কৰিব সমাজ কৰ্মী তুষাৰ পাল ।


টীয়ক পৰা-দেৱজিৎ বৰা

Leave a Reply

Your email address will not be published. Required fields are marked *