0 00 1 min 4 yrs 208
ক’ৰোণা ভাইৰাছৰ আতংকৰ প্ৰতি লক্ষ্য ৰাখি টেলেংগানা চৰকাৰে ৩১ মাৰ্চলৈকে সকলো চৰকাৰী-বেচৰকাৰী শিক্ষানুষ্ঠান , চিনেমা হল তথা শ্বপিং মল বন্ধ ৰখাৰ কথা ঘোষণা কৰে । শণিবাৰে টেলেংগানাৰ মুখ্যমন্ত্ৰী চন্দ্ৰশেখৰ ৰাৱে আয়োজিত এখন উচ্চস্তৰীয় বৈঠকত বৰ্তমান চলি থকা পৰিস্থিতিৰ কথা আলোচনা কৰে । উক্ত সভাতেই ক’ৰোণা ভাইৰাছৰ প্ৰসাৰক বাধা দিবলৈ এই সিদ্ধান্ত ঘোষণা কৰে । 
  উল্লেখযোগ্য যে কেৱল টেলেংগানাতেই নহয় দিল্লী, জম্মু-কাশ্মীৰ , কৰ্ণাটক , কেৰেলা , বিহাৰ, উত্তৰ প্ৰদেশ , মহাৰাষ্ট্ৰ আদিতো সকলো শিক্ষা অনুষ্ঠান, চিনেমা হল তথা শ্বপিং মল বন্ধ ৰখাৰ সিন্ধান্ত ইতিমধ্যে লৈছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *