সেয়া মোৰ ঘৰ
উকা কপালৰ অাই
একোলা দুকোলা বাঢ়ি অহা
ভনীজনীৰে ভৰা
এফেৰিমান
অালয়টি মোৰ ঘৰ
কোনোৰ মুখত জুপুৰি
কোনোৰ মুখত চালি
এৰাপৰীয়া বাৰী
মোৰ ঘৰ
অাবেগে অভাৱ নোপোৱা
এটুকুৰা বষ্ত্ৰ
লজ্বা নোপোৱা এসাজ পইতাভাত
বাঁহৰ কামি কেইডালৰ পহৰাত
মৰমৰ প্ৰহৰীৰ নিলয়টি
মোৰ ঘৰ মোৰ ঠিকনা
✒লোকপ্ৰিয়া বৰা