0 00 1 min 3 yrs 234

ডবকাৰ ৰৌৱাৰপাৰত উত্তপ্ত পৰিস্থিতি ৷ পাৰিবাৰিক কন্দলৰ ফলত এই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷
জানিব পৰা মতে জাকিৰ হুছেইন নামৰ লোকজন বজাৰ কৰি ঘৰলৈ উভতাৰ পথত এচাম বৰ্বৰ লোকে বাট আগুচি প্ৰানে মৰাৰ উদ্দেশ্যৰে দা , কটাৰি আদিৰে আক্ৰমণ কৰে ৷আক্ৰমণৰ ফলত জাকিৰ হুছেইন নামৰ লোকজন গুৰুতৰ বাবে আহত হোৱাৰ উপৰি আান চাৰি জন লোক ও আহত হয় ৷উল্লেখযোগ্য যে কিছুদিন পুৰ্বে আক্ৰমণকাৰীৰ এটা পাষণ্ডই ভুক্তভোগীৰ পৰিয়ালৰ লগত ৰাতি এটা লজ্জাজনক ঘটনা সংঘটিত কৰিছিল ৷ পিছত ৰাইজে হাতে-লুটে ধৰি পাষণ্ড টোক মোৰাঝাৰ আৰক্ষীক গতাই দিছিল ৷ আজি সেই ঘটনাক কেন্দ্ৰকৰি পুনৰ সংঘটিত হয় এক জঘন্য ঘটনা ৷

ঘটনাস্থলীত ডবকা আৰক্ষী আৰু মোৰাঝাৰ আৰক্ষী উপস্থিত হৈ আহত লোক কেইজনক চিকিৎসাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ ইতিমধ্যে ভুক্তভোগী পৰিয়ালৰ লোকে মোৰাঝাৰ থানাত এখন এজাহাৰ দাখিল কৰে ৷ সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে মোৰাঝাৰ আৰক্ষীয়ে ৷


আব্দুল

Leave a Reply

Your email address will not be published. Required fields are marked *