0 00 1 min 4 yrs 214
যোৱা ১ ছেপ্টেম্বৰত এলাহাবাদ উচ্চ ন্যায়ালয়ে ডাঃ কাফিল খাঁনক মুক্তিৰ নিৰ্দেশ দিছে৷ বিগত আঠ মাহ ধৰি তেওঁ মথুৰা জেলত বন্দী হৈ আছিল৷ ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ অধীনত খাঁনক গ্ৰেপ্তাৰ কৰাটো আৰু ন্যায়িক জিম্মাৰ ম্যাদ বৃদ্ধি কৰাটো উচ্চ ন্যায়ালয়ে বে-আইনী বুলি কয়৷ গোৰখপুৰৰ বি আৰ ডি কলেজৰ প্ৰবক্তা আৰু শিশুৰোগ বিশেষজ্ঞ ডাঃ কাফিল খাঁনক ২০১৯ চনৰ ১০ ডিচেম্বৰত আলীগড় বিশ্ববিদ্যালয়ত কা, এন আৰ চি আৰু এন পি এৰ বিৰোধিতাৰে উত্তেজক ভাষণ দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল৷ পিছত তেওঁৰ ন্যায়িক জিম্মাৰ ম্যাদ বৃদ্ধি কৰা হৈছিল৷ 
 উল্লেখ্য যে ২০১৭ চনত উত্তৰপ্রদেশৰ গোৰখপুৰৰ বি আৰ ডি কলেজ হাস্পতালত ৬০ টি শিশুৰ মৃত্যু সম্পৰ্কত চৰ্চাত আহিছিল ডাঃ কাফিল খাঁন। শিশু মৃত্যুৰ কাৰণ আছিল হাস্পতালত অক্সিজেন ছিলিণ্ডাৰৰ অভাৱ৷ অক্সিজেনৰ অভাৱ দেখি তেওঁৰ বন্ধুৰ ব্যক্তিগত হাস্পতালৰ পৰা অক্সিজেন আনি বহু শিশুৰ প্রাণ ৰক্ষা কৰি মানৱতাৰ প্ৰতীক হৈ পৰা ডাঃ কাফিল খাঁন প্রশংসিত হৈছিল৷ অন্যদিশে এই শিশুমৃত্যুৰ বাবে যোগী চৰকাৰ তীব্র সমালোচিত হৈছিল। এই ঘটনাৰ পিছত কাফিল খাঁন এজন মানৱতাৰ চেলিব্ৰিটি হৈ পৰে আৰু দেশৰ বিভিন্ন প্রান্তত ফ্রী চিকিৎসা ক্যাম্পৰ লগতে NRC, CAA আৰু গণবিৰোধী বিভিন্ন ইচ্যুত তেওঁ ডাঙৰ ডাঙৰ প্রতিবাদ গঢ়ি তুলিবলৈ সক্ষম হৈছিল। ডাঃ কাফিলক কাৰাগাৰত বন্দী কৰি ৰখা বিষয়টোত ৰাজা ফাউণ্ডেশ্যন, অসমে দুখ প্ৰকাশ কৰিছিল৷ সংগঠনটোৰ সভাপতি মৌলানা আলহাজ আজিমুদ্দিন আহমেদ ৰেজৱী আৰু সম্পাদক, লেখক মুহাম্মাদ ফাৰুক আব্দুল্লাহ নূৰীয়ে ডাঃ কাফিল খাঁনক অতি সোনকালে মুক্তি দিবলৈ চৰকাৰৰ ওচৰত দাবী জনাইছিল৷
  মুকলি আকাশৰ তললৈ আহি ডাঃ খাঁনে কয়, মোক পাঁচদিন ভোক পিয়াহত ৰখা হৈছিল৷ মোৰ ওপৰত মিছা মোকদ্দমা কৰা হৈছিল৷ যাৰ বাবে ৮ মাহ মোক বিনা অপৰাধত জেলত ৰখা হৈছিল৷ মই সদায়ে দেশৰ সম্প্ৰীতি আৰু একতাৰ কথা কৈছিলো৷ কেৰেলা, অসম, বিহাৰলৈ গৈ বানপীড়িত সকলৰ সহায় কৰিম৷ মুখ্যমন্ত্ৰীক যোগী আদিত্যনাথক তেখেতৰ চাকৰিত পুনৰ মকৰল কৰিবলৈ অনুৰোধ জনায়৷
 যোৱা ১ ছেপ্টেম্বৰৰ ৰাতি ১২ বজাত জেলৰ পৰা মুক্তি পালে ডাঃ কাফিল খাঁনে৷ ন্যায়পালিকাৰ কৃতজ্ঞতা স্বীকাৰ কৰি তেখেতৰ মুক্তিৰ বাবে মাত মতা সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰে৷ লগতে মুম্বাইৰ পৰা তেখেতক মথুৰালৈ লৈ আহোতে এছ টি এফে এনকাউণ্টাৰ নকৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে৷
 ৰাজা ফাউণ্ডেশ্যন, অসমে ডাঃ কাফিল খাঁন মুকলি আকাশৰ তললৈ অহাত সুখ প্ৰকাশ কৰি শীৰ্ঘেই ডাঃ খাঁনক পুনৰ চাকৰি দিবলৈ উত্তৰপ্ৰদেশ চৰকাৰক অনুৰোধ জনায়৷ এই কথা সদৰী কৰি ৰাজা ফাউণ্ডেশ্যন, অসমৰ মুখপাত্ৰ আজমল হুছেইনে সংবাদ মাধ্যমলৈ এক প্ৰেছ বিজ্ঞপ্তি প্ৰেৰণ কৰে৷

Leave a Reply

Your email address will not be published. Required fields are marked *