0 00 4 yrs 169

যত এজনী ছয়বছৰীয়া ছোৱালীয়ে 

মুক্ত আকাশৰ তলত খেলিব নোৱাৰে ..
যত এজনী ছোৱালী অকলে উলাই গলেই 
চাৰিওফালে ৰাক্ষসৰ বিচৰন দেখে 
আৰু ঠিক পাছতেই 
 তাই যে ভক্ষণ  হব  সিহঁতৰ
তাইয়ো হয়তো ঘৰৰ পৰা ওলাই যাওঁতে  নাভাবে 
যত এজনী ছোৱালীক বাৰে বাৰে কাপোৰক 
লৈ  দুষী সাজে সমাজৰ এচামে..
সেইসকলক সুধিছোঁ.. 
আপোনালোকৰ  দৃষ্টিত ছয়বছৰীয়া  ছোৱালীয়ে 
কি কাপোৰ পৰিধান কৰি মুকলি আকাশৰ  তলত 
ঘূৰিব লাগে যাৰ বাবে 
দানৱৰ চকুত তাইৰ শৰীৰটো 
নষ্ট কৰাৰ ইচ্ছা নাজাগে !!
 বাৰে বাৰে যে কয় বেশ্যা  দৰে ব্যৱহাৰ 
নতুবা ছোৱালীয়ে ছল নিদিলে 
কোনো পুৰুষে ছোৱালীক হাত  নলগাই
  তেওঁলোক সুধিছো. 
কেতিয়াবা  যদি ছোৱালীজনীৰ বিপদত 
কাৰোবাক সহায়ৰ কাষ চাপে 
তেতিয়া  কিয়  সেই  এচাম পুৰুষে 
খকোৱাৰ দৰে সতেজ মাংসবোৰ 
আচুৰি আজুৰি খাই ধ্বংস কৰে 
সময়বোৰত যদি ছোৱালীয়ে বেয়া  তেন্তে
ছোৱালীবোৰো সলনি হোৱাৰ সময়  হল 
সজাগ হোৱা তোমালোক.. 
আইনে দোষীক ফাচী দিয়ক বা নিদিয়ক 
নিজকে নিজে সুৰক্ষা কৱজ হোৱা 
 তোমাৰ নিয়মীয়াকৈ থকা বেগটোত 
.এটা  লিপষ্টিকৰ সলনি এখন চুৰিকটাৰি লোৱা 
হাঁতবোৰ শিলৰ দৰে কৰা  ..
 নিজকে যদি জীয়াই ৰাখিব বিচাৰা 
তেন্তে কনকলতা মূলাগাভৰু মীৰাবাঈ 
জোধাৰ দৰে সাহসী হোৱা…
যৌননিৰ্যাতন ধৰ্ষনকাৰীৰৰ 
ওপৰত  যি  সকলে মাত মাতে  তেঁওলোকো
 একো একোজন অপৰাধী ! 
যত  দেৱীক পূজা কৰা হয় 
তাতেই কন্যাক অত্যাচাৰ!! 
   সৰস্বতী লক্ষীৰ দৰে হোৱাতকৈ
প্ৰতিজনী  নাৰী 
দুৰ্গা কালি  দৰে  হোৱা জীৱনৰ 
ৰংবোৰৰ নিজেই বিলোৱা!!! 
🖋 গায়ত্রী বৰুৱা

Leave a Reply

Your email address will not be published. Required fields are marked *