0 00 1 min 4 yrs 185

   মানু তুমি নোযোৱা ? ” চোৱা ,  সিয়ে মইয়ে কলেজৰ পৰা বিশ্ববিদ্যালয়লৈকে একে লগে পঢ়িলো । তাৰ লগতে তাৰ মাককো তুমি মোৰ লগতে আহিব আৰু চিনাকী কৰাই দিম বুলি কথা দি আহিলো । আনকি তোমাকো সি মাতিছে ।”
        “তুমি যাবা বুলিয়েই এই গাড়ী খন ভাৰা কৰি আনিলো । কেৱল মই যাবলৈ অহাহেঁতেন বাইক খন লৈয়ে আহিলো হেঁতেন ।”
    ” মই কালিৰে পৰা কৈয়ে আছো নাযাওঁ । তুমি কিয় মোক জোৰ কৰি আছা । মোৰ বহুতো সমস্যা থাকিব পাৰে । মুঠতে আজি তোমাৰ লগত নাযাওঁ । নভনীল মোৰ সমস্যাটোও অলপ বুজিবলৈ চেষ্টা কৰা । ”                                                                       ” মানু !  তোমাৰ কি এনে সমস্যা মোৰ বন্ধুৰ বিয়ালৈ যোৱাত  সমস্যা আছে ।”
       ” সিহঁতৰ ঘৰৰ সকলোৱেই জানে তোমাৰ লগত মোৰ পাঁচ বছৰীয়া প্ৰেমৰ সম্পৰ্কৰ কথা আৰু আমাৰ বিয়াও যে তিনি-চাৰি মাহৰ ভিতৰতে হ’ব ।”  
        ” নভনীল ! মইতো কোৱা নাই তেওঁলোকে আমাৰ সম্পৰ্ক কথা নাজানে । মোৰ লগত  তুমি যাবলৈ পালে যেনেকৈ  অত্যন্ত সুখী পুলকিত হোৱা ,মইয়ো হওঁ ।”                                                              “মানু তেন্তে নোযোৱা কিয় ? ”                      ” নভনীল ! তোমাৰ লগত অভিশেষৰ বিয়ালৈ গ’লে আমি দুয়োজনেই খন্তেকৰ কাৰনে হ’লেও মনত অকমান  দুখ পাম ,বিশেষকৈ মই । কাৰণ তুমি অভিশেষৰ ভনীয়েকক প্ৰেমৰ প্ৰস্তাৱ দিছিলা । আজি বিয়ালৈ তেওঁলোক আহিবই । তেওঁতো সকলো দিশতে মোতকৈ আগবঢ়া ।
                হৰেন শইকীয়া,
            কমাৰবন্ধা

Leave a Reply

Your email address will not be published. Required fields are marked *