0 00 1 min 4 yrs 168

প্ৰথম দিন:

জটপটীয়া মেখেলাত মাহেকীয়াৰ এঠা
নৈৰাশ্যৰ কুঠৰিটো বানে ধোৱা
অ’ তেজীমলা
ঘৰখন উদং নকৰিবি
জুহালত সেক দে ঘৰৰ মজ্জা।
নঙলামুখৰ হাচনাহানাত ফেঁটীয়ে নাচিলে
জাকৈত উঠিলে কাৱৈ
পলসে জন্মালে আঙুলিয়া পুঠি
উভতি জনমে আতৈ
দ্বিতীয় দিন:
নাঙলৰ সিৰলুত ঘামৰ তিৰবিৰণি
তেজপিয়াহঁতৰ মুখবোৰ আহে আৰু ভাগে
লোণপানীত চাহপাত তিয়াই খায়
দদৌৰ সমাধিত অজস্ৰ টোপোলা
হাড়ত বন গজিল
কাকা চোৰ হ’ল
তেজীমলা ৰ কামিহাড় এতিয়া গণনীয়।
তৃতীয় দিন:
ৰৈ ৰৈ কেতেকী বিনায়
জুমুঠিৰ প্ৰতিচ্ছবিবোৰে মুখ সলায়
জাতিটোৱে মুক্তি মঙ্গল ভটিমা গায়
চুলিত এন্ধাৰ সানি তেজীমলাই 
দেশ বচায়।
শাশ্বতী সভাপণ্ডিত

Leave a Reply

Your email address will not be published. Required fields are marked *