তোমাৰ শৰীৰৰ সৌৰভ,
নাকত বাৰে-বাৰে খুন্দিয়াইছিল
যেন মই সৰগত কোনোবা অপেশ্বৰীৰ স’তে..,
তোমাৰ মৰমলগা চুলিবোৰ বৰকৈ তিতিছিল,
গালেৰে নিগৰি আহিছিল
জিলিকি থকা পানীৰ টোপাল ।
সেইবোৰে তোমাৰ গাভৰু দেহত
উপৰ্যুপৰি চুম্বণ কৰিছিল,
লাজ-লাজ চাৱনিৰে
মই নজনাকৈ চাইছিলা তুমি ।
তোমাৰ কোমল হাত এখন
চুই চাবৰ মন গৈছিল তেতিয়া,
তোমাৰ মৰম পাবলৈ ব্যাকুল
মোৰ মন
মোৰ মন
সেয়া তুমি নকলেও বুজি পোৱা চাগে,
এনেদৰেই মনটো উন্মাদ হৈ উঠিছিল
যেতিয়া বহাগৰ প্ৰথম বৰষুণজাকত তোমাৰ সতে তিতিছিলোঁ….।