0 00 1 min 5 yrs 161
নিয়ৰৰ টোপাল গছকি
মাথোঁ গ ই আছোঁ
এখন নতুন দেশলৈ।
নাজানো
কোন দিশত আগবাঢ়িছো
মাথোঁ গৈ আছোঁ 
পাৰিম নে পূৰাব মোৰ সপোনবোৰ?
হ’ব জানো কল্পনাবোৰ মোৰ পূৰ্ণ? ‌
পাৰিম জানো ৰাখিব মোৰ এই দৃঢ় কল্পনা?
মাথোঁ আগবাঢ়ি যাব খোজোঁ
নাজানো ক’ত কিমান বাট।
নাজানো ক’ত কিমান ঘাত প্ৰতিঘাত 
অতিক্ৰম কৰিব লাগিব।
মাথোঁ আগবাঢ়ি যাব খোজোঁ
বিজয়ৰ উচ্ছশিখৰলৈ।
                    ত্ৰিবেণী লস্কৰ

Leave a Reply

Your email address will not be published. Required fields are marked *