জোনাক ৰাতি তৰা বোৰে যে,
চিক মিক কৰি হাঁহি থাকে
দেখিছানে কেতিয়াবা?
জোনটোৱে যেন সেই দিনা
চাইহে ৰয় তৰাবোৰলৈ
ঠিক সেইদৰে জোনাকী পৰুৱাবোৰেও
চিৰচিৰ শব্দ কৰি যেন চৌপাশ
সেই তৰাবোৰক সঁহাৰি জনায়।
এইয়াই চাগে জোনাক ৰাতি,
যত জোনাকী পৰুৱা বোৰে খেলি ফুৰে।
পোহৰ নো কোনে বেয়া পায় ?
আন্ধাৰৰ অবিহনে যেনেকৈ
পোহৰৰ অনুভৱ আধৰুৱা,
থিক সেইদৰে সেই আকাশৰ তৰা বোৰ
আৰু সেই জোনাকী পৰুৱা অবিহনে
এটা জোনাক ৰাতিও আধৰুৱা……..।।
কবি–দিগন্ত ফুকন।