0 00 1 min 5 yrs 151
আমাৰ কেচা তেজেৰে
ফাকু খেলিলে সেই
মানৱ ৰূপি দানৱ বোৰে।
নুশুনিলে আমাৰ অনুৰোধৰ
কাতৰ চিঞৰ।
অহঃ অসহ্য লাগিছে অ।
মা তোলৈ মোৰ বৰ মনত পৰিছে অ,
আৰু নেদেখিম ছাগে
তোৰ মৰম লগা মূখনি।
হে অসমীয়া সমাজ,
আমি অসমীয়া,
আমি আচল অসমীয়া। আমাক নামিৰিবি
আমি মৰি থাকিম,
বৰ বিষাইছে অ”
কি ভূল আছিল আমাৰ,
কি ভূল কৰিলো আমি,
আমি মাত্ৰ প্ৰকৃতিৰ পৰশ বিছাৰি আহিছিলো
কি সেইয়াই ভূল আছিল নেকি আমাৰ? আমাক জীয়াই থাকিবলৈ নিদিয় কিয় ?
আমাৰ মনতো আছে অজুত অলেখ সপোন
সেইবোৰ আধৰুৱা হৈয়ে ৰ’ব ।
একোয়েই বুজি নাপালো আমি
মাথো আমাৰ কেচা তেজৰ গোন্ধ
চাৰিও ফালে বিয়পি পৰিছে।
হেৰৌ অসমীয়া
আমাৰ দৰে আৰু কাৰো লগত
নেখেলিবা কেচা তেজৰ ফাকু।
দীপাংকৰ লাহন
গহপুৰ
Contact.6238934308

Leave a Reply

Your email address will not be published. Required fields are marked *