0 00 1 min 4 yrs 162

৭ ফেব্ৰুৱাৰী ২০২০,

‘ইণ্ডিয়া ক’ৰাপচন’ৰ মঞ্চৰ পৰা অৰবিন্দ কেজৰিৱালে যেতিয়া ৰাজনৈতিক দল গঠন কৰাৰ সিদ্ধান্ত ঘোষণা কৰিছিল, তেতিয়া সেই সিদ্ধান্তৰ বিৰোধিতা কৰিছিল আন্না হাজাৰে, কিৰণ বেদী আৰু অখিল গগৈয়ে ৷
আন্না হাজাৰে আৰু কিৰণ বেদীৰ বিৰোধিতাৰ কাৰণ কেজৰিৱালে সঠিকভাৱে বুজি উঠিছিল বাবে তেওঁলোকৰ বিৰোধিতাক লৈ তেখেতে মুঠেও মূৰ ঘমোৱা নাছিল, কিন্তু অখিল গগৈৰ বিৰোধিতাক কেজৰিৱালে ছিৰিয়াছলি লৈছিল ৷ তাৰ কাৰণটো হ’ল, তাৰ আগেয়ে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেইবাটাও কাৰ্যসূচীত কেজৰিৱালে ভাগ লৈছিল, আৰু সেয়ে কৃষক মুক্তিৰ সেইসময়ৰ গণভিত্তিৰ উমান পাইছিল ৷ (২০১১ চনৰ ১০ জানুৱাৰীত দিছপুৰত আয়োজিত ‘ঘৃণা দিৱস’ৰো মুখ্য অতিথি আছিল অৰবিন্দ কেজৰিৱাল ৷ দৈয়াং অধিৱেশনৰো নিৰ্দিষ্ট বক্তা আছিল ৷ পিছে সেই সময়ত অসমৰ মেডিয়াই চিনি পাব পৰাকৈ কেজৰিৱাল প্ৰখ্যাত হৈ উঠা নাছিল ৷)
  ৰাজনৈতিক দল গঠনৰ সিদ্ধান্তৰ বিৰোধিতা কৰা কৃষক মুক্তিৰ লগত কথা পাতিবলৈ অৰবিন্দ কেজৰিৱাল নিজে গুৱাহাটীলৈ গুচি আহিছিল ৷ ভগৱতী প্ৰসাদ বৰুৱা ভৱনত আয়োজিত কৃষক মুক্তিৰ কাৰ্যনিৰ্বাহকত উপস্থিত হৈ কেজৰিৱালে তেখেতৰ প্ৰস্তাৱিত ৰাজনৈতিক দলৰ অংশীদাৰ হ’বলৈ আনুষ্ঠানিকভাৱে কৃষক মুক্তিক অনুৰোধ জনাইছিল ৷ তাৰ আগেয়ে চানমাৰিৰ অলংকাৰ হোটেলতো এখন অনানুষ্ঠানিক বৈঠকত কথাবোৰ আলোচনা হৈছিল ৷ একমাত্ৰ মই ৰাজনৈতিক দল গঠনৰ সিদ্ধান্তক সমৰ্থন জনাইছিলোঁ ৷ অখিলদাকে ধৰি সকলোৱে ইয়াৰ বিৰোধিতা কৰিছিল ৷ কাৰ্যনিৰ্বাহকত ৰাজনৈতিক দলত কৃষক মুক্তি চামিল নোহোৱাৰ প্ৰস্তাৱ গৃহিত হৈছিল ৷ কেজৰিৱালে সেই প্ৰস্তাৱক সন্মান জনাইছিল আৰু এটা অনুৰোধ কৰিছিল -তেখেতৰ প্ৰস্তাৱিত দলত অসম সম্পৰ্কে কি কৰ্মসূচী সংযোজন কৰিব লাগিব, তাৰ ৰূপ-ৰেখা এটা যাতে কৃষক মুক্তিয়ে তৈয়াৰ কৰি দিয়ে ৷ সেই ৰূপ-ৰেখা তৈয়াৰ কৰি দিয়া নহ’ল, বৰং কেজৰিৱালক দেশৰ দুৰ্নীতিবিৰোধী আন্দোলনৰ গাদ্দাৰ আখ্যায়িত কৰি অখিলদাই সংবাদমেল দিলে ৷
    কাইলৈ দিল্লীৰ নিৰ্বাচন ৷ 
সেয়ে কথাবোৰ মনলৈ আহিছে ৷
ইমান বছৰৰ পিছত এনে লাগিছে, অৰবিন্দ কেজৰিৱাল আৰু অখিল গগৈ সেইসময়তে একেলগ হোৱা হ’লে  দেশৰ ৰাজনীতিয়ে সলনি হৈ গ’লহেঁতেন ছাগে !

কমল কুমাৰ মেধি

Leave a Reply

Your email address will not be published. Required fields are marked *