0 00 1 min 5 yrs 199
আজি এই পৃথিৱীত
শান্তিৰে জিৰাবলৈ
অলপো ঠাই নাই,
যেনিয়েই যাওঁ
মাথো অন্ধকাৰ হে পাঁও।
সকলোতে ধৰ্ষন,লুণ্ঠন
মাতৃৰ সুকুমল গৰ্ভতেই
বহু নিৰাপদে আছিলো,
মাতৃৰ সুকুমল গৰ্ভৰপৰা
যেতিয়া ওলাই আহিলো,
বাৰুদৰ ক’লা ধোঁৱাৰে আৱৰা
এই পৃথিৱী খন  দেখা পালো,
আৰু কিমান নিষ্পাপ মানৱ
বিলীন হ’ল ব’মা বাৰুদৰ
ক’লা ধোঁৱাৰ লগত?
আৰু কিমান সহ্য কৰিম।
কোনে কৰিব ৰুদ্ধ
এই মূখা পিন্ধা ভদ্ৰ সমাজ খনক,
নাই-নাই শান্তিৰে জিৰাবলৈয়ো
অলপো নিৰাপদ ঠাই নাই।

Leave a Reply

Your email address will not be published. Required fields are marked *