0 00 1 min 4 yrs 218
লফাৰ উপদেষ্টা ভীমকান্ত বুঢ়াগোহাঁই ওৰফে মামাক মনত আছেনে বাৰু আপোনালোকৰ? আজিৰ অসম দিৱস বা চ্যুকাফা দিৱস পালনৰ আৰম্ভণিৰ আঁৰত তেৱেঁই আছিল৷ তাৰে কিছু কথা আপোনালোকলৈ আগবঢ়ালোঁ৷
.
১৯৭২ চন৷ ছৈখোৱাৰ আহোম গাঁৱৰ বিশিষ্ট সমাজকৰ্মী ভীমকান্ত বুঢ়াগোহাঁইদেৱৰ মনত খেলালে, সাত ৰাজ মাৰি একৰাজ কৰা, বৰ অসমক গঢ় দিয়া স্বৰ্গদেউ চ্যুকাফাৰ নামত কিবা এটা কৰাৰ৷ এই উদ্দেশ্যেই তেওঁ বিষয়টো আলোচনা কৰিলে শদিয়াৰ মৌজাদাৰ আৰু শদিয়া আঞ্চলিক ছাত্ৰসন্থাৰ লগত৷ আলোচনাত প্ৰস্তাৱ লোৱা হ’ল স্বৰ্গদেউ চ্যুকাফাই পাটকাই পাৰ হৈ অসমভূমিত প্ৰৱেশ কৰা ২ ডিচেম্বৰ দিনটো চ্যুকাফা দিৱস হিচাপে উদযাপন কৰাৰ৷ সকলোৰে সহমতৰ ফলশ্ৰুতিত শদিয়াৰ পাটিদৈ ন-গাঁৱৰ ৰাজগড় প্ৰথমিক বিদ্যালয়ত প্ৰথমবাৰৰ বাবে চ্যুকাফা দিৱস উদযাপন কৰা হয়। তাৰ পিছত, একে ঠাইতে ১৯৭৪ চনত এই দিৱস অতি উলহ-মালহেৰে উদযাপন কৰা হয়৷ সেই বৰ্ষৰ চ্যুকাফা দিৱসৰ সভাখনৰ উদ্বোধক আছিল অসম সাহিত্য সভাৰ তেতিয়াৰ সভাপতি মহেন্দ্ৰ বৰা, নিৰ্দিষ্ট বক্তাৰ আসন অলংকৃত কৰিছিল ড° নগেন শইকীয়াই আৰু সভাখনৰ সভাপতিৰ আসনত আছিল বুৰঞ্জীবিদ ড° লীলা গগৈ। ড° লীলা গগৈয়ে বক্তৃতা প্ৰসংগত ২ ডিচেম্বৰ দিনটো চ্যুকাফা দিৱস হিচাপে চৰকাৰী বন্ধ ঘোষণা কৰিবলৈ দাবী জনাব লাগে বুলি প্ৰস্তাৱ ডাঙি ধৰিছিল।
.
১৯৮১ খ্ৰীষ্টাব্দ৷ চ্যুকাফা দিৱসে শদিয়াৰ ভিতৰতে আবদ্ধ নাথাকি শিৱসাগৰ জিলাৰ চৰাইদেউ পালেহি৷ আৰু সেই তেতিয়াই কেইবাটাও জাতীয় সংগঠনে ২ ডিচেম্বৰ দিনটো ‘চ্যুকাফা দিৱস’ হিচাপে স্বীকৃতি দিবৰ বাবে ৰজাঘৰক দাবী জনায়। এইক্ষেত্ৰত উদ্যোগ লগে ড° লীলা গগৈ, পদ্ম বৰকটকী আৰু ডাঃ ধ্ৰুৱজ্যোতি বৰা (বৰ্তমান অসম সাহিত্য সভাৰ সভাপতি) আদিয়ে৷ তেখেতলোকে ১৯৮৭ চনত ‘‘আজিৰ সময়’’ কাকতৰ ১ মাৰ্চৰ সংখ্যাটি ‘‘চ্যুকাফা বিশেষ সংখ্যা’’ হিচাপে প্ৰকাশ কৰি উলিয়ায়। লাহে লাহে এই দিৱস স্বীকৃতিৰ দাবীয়ে ৰজাঘৰৰ ভিতৰত প্ৰৱেশ কৰিবলৈ সক্ষম হ’ল৷ সেই বছৰেই, ২ ডিচেম্বৰত প্ৰতক্ষ্য চৰকাৰী পৃষ্ঠপোষকতাত জজ খেল পথাৰত চ্যুকাফা দিৱসৰ আয়োজন কৰা হয় আৰু তাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিছিল তেতিয়াৰ মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই৷ সেইদিনাই অসম চৰকাৰৰ তৰফৰ পৰা ২ ডিচেম্বৰ তাৰিখটোক ‘‘চ্যুকাফা দিৱস’’ বা ‘‘অসম দিৱস’’’ হিচাপে ঘোষণা কৰা হয়৷
————-
সংগ্ৰহঃ দীপ হেষ্টিংছ বৰি
উৎস: মহীৰূহ। ( গুগুল)

Leave a Reply

Your email address will not be published. Required fields are marked *