0 00 1 min 4 yrs 175

কৃষ্ণগহ্বৰৰ অন্ধকুপত
কক্ষচ্যূত নক্ষত্ৰৰ অাত্মবিলোপন
কামিহাড়ৰ মজ্জাত
পপীয়া তৰাই নতুন ঠিকনা বিচাৰে
উজাই উজাই এটা উশাহ ওলমি ৰয়
বনচাইৰ বেপেৰুৱা ডালত 
অৰ্ধচেতন পৃথিৱীৰ যন্ত্ৰণা
  যেন জিলিৰ অাৰাও হ’ল
সুদিনৰ প্ৰত্যাশাত কেঁকোৰা বিচাৰ বিচৰণ
মৃত্যু   নিৰংকুশ সত্য এতিয়া
        অংকুৰিতা ফুকন

Leave a Reply

Your email address will not be published. Required fields are marked *