0 00 1 min 2 yrs 176

নলবাৰী জিলাৰ দৌলাশালৰ এগৰাকী মহিলা বিগত এসপ্তাহ ধৰি নিৰুদ্দেশ হৈ থকা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে । যোৱা ৫ ডিচেম্বৰত বৰক্ষেত্ৰীৰ নাৰুৱাৰ আত্মীয়ৰ এঘৰলৈ তুলনী বিয়া খাবলৈ বুলি দুবছৰীয়া পুত্ৰ সন্তানক কোলাত লৈ ঘৰৰ পৰা ওলাই গৈছিল দিগন্ত নাথৰ পত্নী ৰিংকুমনি নাথ । সন্ধিয়া দিগন্ত নাথে পত্নী ৰিংকুমনি নাথলৈ ফোন কৰে যদিও পত্নীৰ মোবাইলৰ চুইছ অফ পায় । তাৰ পিছত দিগন্ত নাথে পত্নী আৰু পুত্ৰক বিভিন্ন ঠাইত বিচাৰ-খোচাৰ কৰিছে যদিও অদ্যপি কোনো সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই । মেখেলা চাদৰ পৰিহিতা ১৯ বছৰীয়া ৰিংকুমনি নাথৰ উচ্চতা ৪ ফুট বুলি জানিব পৰা গৈছে । দুবছৰীয়া সন্তানসহ পত্নীক বিচাৰি নাপাই দুখত ভাগি পৰিছে সাধাৰণভাৱে জীৱন নিৰ্বাহ কৰা দিগন্ত নাথ আৰু তেওঁৰ পিতৃ-মাতৃ । কোনো দুষ্ট চক্ৰৰ কবলত পৰাৰ সন্দেহ পৰিয়ালৰ লোকৰ । ইতিমধ্যে পত্নী আৰু পুত্ৰ নিৰুদ্দেশ হোৱা সম্পৰ্কত দিগন্ত নাথে দৌলাশাল আৰক্ষী চকীত এক লিখিত আবেদন জনাইছে । কোনো সদাশয় ব্যক্তিয়ে নিৰুদ্দিষ্ট সন্তানসহ মহিলাগৰাকীৰ সম্ভেদ পালে ওচৰৰ থানা নাইবা ৮৪৮৩৯৭২৩১১ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে ।

মুকালমুৱাৰ পৰা সমৰজিত পাঠক

Leave a Reply

Your email address will not be published. Required fields are marked *