0 00 1 min 3 yrs 218
 ২০১৬-১৭ চনৰ আঁচনিৰে এটা চাব্ চেণ্টাৰ। অৰ্ধনমিত অৱস্থাতে বাগৰিছে ইটোৰ পাছত সিটো বছৰ।
স্থানীয় লোকে ঠিকাদাৰৰ পৰা জানিবলৈ বিচাৰিলে কেতিয়াকৈ সম্পূৰ্ণ হ’ব উপ-স্বাস্থ্য কেন্দ্ৰটোৰ নিৰ্মাণৰ কাম।
ঠিকাদাৰে হেনো জনালে পুজি শেষ।
 
ক’ত এই চাব্ চেণ্টাৰ, কিদৰে চলিছে   উন্নয়নমূলক কাম-কাজ আহক চাওঁ   হয়আমাৰ হয় এক প্ৰতিবেদন।   ह
ধনশিৰিৰ সমীপৰ কাৰ্বি আংলং জিলাৰ বোকাজান উন্নয়ন খণ্ডৰ অধীনস্থ মাজগাঁও অঞ্চল।
লছ
Ms DP ২০১৬-১৭ আঁচনিৰ অধীনত উন্নয়ন খণ্ডটোৰ মাজগাঁৱত ১২.৫০ লাখ টকাৰে নিৰ্মাণ কৰিবলৈ লোৱা হ’ল এটি চাব চেণ্টাৰ।
প্ৰায় দুবছৰৰ পূৰ্বে নিৰ্মাণ কাৰ্য আৰম্ভ হ’ল। কিন্তু সম্পূৰ্ণ নহ’ল নিৰ্মাণ।
স্থানীয় একাংশই ঠিকাদাৰৰ পৰা জানিব বিচাৰিলে উপ-স্বাস্থ্য কেন্দ্ৰটোৰ নিৰ্মাণ কেতিয়া সম্পূৰ্ণ হ’ব।
ঠিকাদাৰে হেনো জনালে আৰু নিৰ্মাণ নহয়, ধন শেষ।
ৰাইজৰ মত কামো নিম্ন মানৰ হৈছে। গৰু-ছাগলীৰ থকা ঠাইত পৰিণত হৈছে গৃহটি।
ৰাইজে বুজি পোৱা নাই যে এখন আঁচনিৰ বাবে নিৰ্ধাৰণ কৰা ধন অৰ্ধনমিত অৱস্থাতে শেষ হ’ল কিদৰে।
সাধাৰণ স্বাস্থ্য সেৱাৰ বাবে বাটকুৰি বাই বোকাজানলৈ নোযোৱাকৈ ওচৰতে সুবিধাকণ পাব বুলি ভবা স্থানীয় লোক বৰ্তমান নিৰাশপ্ৰায়।
ৰাইজৰ দাবী, শীঘ্ৰে সম্পূৰ্ণ হ’ব লাগে চাব্ চেণ্টাটোৰ নিৰ্মাণ কাৰ্য।
ৰাইজৰ দাবীৰ সম্পৰ্কত বোকাজানৰ জন প্ৰতিনিধিসকলে কেনে কাৰ্যব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ’ব।
মাণিক শৰ্মা

Leave a Reply

Your email address will not be published. Required fields are marked *