শালিকীৰ মূৰত শলা
শলা খুলি দিলোঁ ,
তাই জোন জোন জোনালী
ৰাতি জোনাকৰপৰা সৰি পৰা
এজনী দিপলীপ পৰী…
আৰু কোনে পায় তাইক
পৰী উৰি গ’ল জোনৰ দেশলৈ,
এজন ৰাজকোঁৱৰ বিছাৰি….
জোনে অভিশাপ দিলে,
সিদিনাৰপৰা তাই
আকৌ শালিকী হ’ল,
এতিয়া দূপৰীয়া-দূপৰীয়া মোৰ
ঘৰৰ মূধচত পৰি কান্দি থাকে,
দিমনে খুলি
তাইৰ মূৰৰ শলা ….