0 00 1 min 5 yrs 181
মাৰ ফালে তৰা !
বুকুৰ অসুখ ৷
ঢুকি নাপাইও আকাশ চোৱা
হাতীপটিত আঘোণ মেলি ৰাতি-ৰাতি ৰ’দলৈ
বাট চাই থাকোতে নইখনত
ধুনীয়াকৈ খেলি থকা ঢউবোৰ
পাৰপাই মৰিল ৷
সপোনৰ উচ্ছল বুকু সাবটোতে গছবোৰে নিজৰ ছাঁ-আইনাত নিজকে আউটাই থাকোতে পাত সৰিলে
বতাহে ,
বতাহে
মান নে ধান
গুটি পইচা এটাত জোখি থাকোতে
আয়ে কান্দিলে ৷
তোৰ কাষলতিৰ তলত বেলি এটা আছে
মুঠি মাৰি থাক

Leave a Reply

Your email address will not be published. Required fields are marked *