0 00 1 min 3 yrs 234

“দৌৰ”ৰ প্ৰতিশ্ৰুতি ৰক্ষা, কভিড আক্ৰান্তক প্ৰদান কৰিলে খাদ্য

কিছুদিন পূৰ্বে স্বেচ্ছাসেৱী সংগঠন দৌৰে চচিয়েল মেডিয়া যোগে “বিশ্ব পৰিৱেশ দিৱস” উপলক্ষে এক আহ্বান জনাইছিল ৰাইজৰ প্ৰতি সকলোৱে যাতে এটাকৈ হলেও গছপুলি ৰোপণ কৰে।

লগতে তেওঁলোকে প্রতিশ্ৰুতি দিছিল যে যিসকল লোকে ‘দৌৰ’ৰ আহ্বান অনুসৰি ৫ জুন তাৰিখে এটাকৈ গছপুলি ৰোপণ কৰি তাৰ ফটোগ্ৰাফ “দৌৰ” বিষয়ববীয়ালৈ প্ৰেৰণ কৰিব তাৰ বিনিময়ত এসাঁজ আহাৰ কভিড আক্ৰান্ত ৰোগীলৈ আগবঢ়াব।

ৰাইজে কালি দৌৰৰ এই আহ্বানৰ প্রতি যথেষ্ট সঁহাৰি দিয়া পৰিলক্ষিত হৈছিল। সেয়েহে দৌৰে আজি পূৰ্বৰ প্ৰতিশ্ৰুতি অনুসৰি
আজি দেৰগাঁও নেঘেৰিটিং ক’ভিড চেন্টাৰত থকা চাহ শ্ৰমিক ক’ভিড ৰোগী সকলক এদিনৰ এসাজ আহাৰ যোগান ধৰে।
ব্যুৰ’ ৰিপৰ্ট

Leave a Reply

Your email address will not be published. Required fields are marked *