0 00 1 min 3 yrs 229

কেইবা শতাধিক দলীয় কৰ্মীৰ উপস্থিতিত নগাঁও জিলাৰ AIUDF দলৰ যুৱ মৰ্চাৰ সভাপতি শ্বৰীফ আলীয়ে ৰঙা ফিটা কাটি শুভ উদ্বোধন কৰে । লগতে সহযোগ কৰে পৰিষদৰ সদস্য জিয়াবুৰ ৰহমানে । ধিং সমষ্টিৰ অন্তৰ্গত ডুমধুমীয়া,জেঙণি কোলাডুবা অঞ্চলত দলীয় কৰ্মকৰ্তাৰ সুবিধাৰ্থে এই কাৰ্যালয়টো শুভ উদ্ধোধন কৰা হৈছে বুলি নগাঁও জিলাৰ AIUDF দলৰ যুৱ মৰ্চাৰ সভাপতি শ্বৰীফ আলীয়ে জানিবলৈ দিয়ে। কাৰ্যালয়ৰ শুভ উদ্ধোধন কৰি জিলা সভাপতি শ্বৰীফ আলীয়ে সংবাদ মাধ্যমৰ আগত কয় যে মহাজোটৰ শীৰ্ষ নেতৃত্বই ধিং সমষ্টিত জনপ্ৰিয় বিধায়ক আমিনুল ইছলামক প্ৰাৰ্থীত্ব প্ৰদান কৰাটো ১০০ শতাংশ নিশ্চিত আৰু পূৰ্বতকৈ বেছি ভোট দি ধিং সমষ্টিৰ ৰাইজে তৃতীয় বাৰৰ বাবে বিধায়ক বনাই বিধানসভালৈ পঠিয়াব ।

Leave a Reply

Your email address will not be published. Required fields are marked *