0 00 1 min 3 yrs 209

ধিঙৰ চৰাঞ্চলত অব্যাহত মাতাব্বৰীৰাজ ।গুণ্ডা কৰ আদায় নিদিলে নিৰীহ জনতাৰ উপৰত চলে অত্যাচাৰ ।নতুন ৰাজ্য চৰকাৰ খনে যি সময়ত অপৰাধ, ড্ৰাগছ অসামাজিক কাৰ্য্য কলাপৰ বিৰুদ্ধে যুদ্ধংদেহী মনোভাৱ গ্ৰহণ কৰিছে সেই সময়তে চৰাঞ্চল সমূহত অব্যাহত আছে মাতাব্বৰীৰাজ ।Gfx চৰাঞ্চল সমূহত চৰকাৰৰ শাসন নচলে চলে মাতাব্বৰৰ শাসন । ধিঙৰ পাৰ্চবৰ্তী ব্ৰহ্মপুত্ৰৰ চৰ চাপৰি সমূহতো একাংশ মাতাব্বৰৰ অত্যাচাৰত ভয় আৰু আতংকত দিন অতিবাহিত কৰিছে কৃষিজীৱী দৰিদ্ৰ লোকসকলে । মংগলবাৰে দুই নং কান্ধুলিমাৰি চাপৰিৰ আছাদ আলী নামৰ এজন দৰিদ্ৰ কৃষক মাতব্বৰৰ আক্ৰমনত চিকিৎসাধীন হবলগীয়া হৈছে । আছাদ আলী এজন বিকলাঙ্গ লোক যদিও মাতব্বৰৰ দলটোৱে হাতে হাতে দা, যাঠি লৈ আছাদ আলীৰ বাসগৃহটো ভাঙি লণ্ডভণ্ড কৰে । মাতাব্বৰৰ এই দলটোত আছিল আবু চাহেদ, আবু হানিফা, আবু বক্কৰ, আব্দুল বাছাৰকে ধৰি আন কেইবাজনো মাতাব্বৰ । উদ্দেশ্যে ভূমি দখল । এই সকল মাতাব্বৰৰ ভয়ত ভূক্তভোগী পৰিয়ালটোৱে ঘৰ এৰি অন্য ঠইত আশ্ৰয় লবলগীয়া হৈছে । চাওঁক এই দৃশ্য দূৰ্ভগীয়া পৰিয়ালটোৰ এক মাত্ৰ বাসগৃহতো কি দৰে ভাঙি লণ্ডভণ্ড কৰিলে মাতাব্বৰৰ দলটোৱে । নিৰুপায় হৈ পৰিছে দূৰ্ভগীয়া পৰিয়ালটো । ন্যায়ৰ বাবে কাষ চাপিছে সংবাদ মাধ্যমৰ ।ধিং আৰক্ষীয়ে এই দূৰ্ভগীয়া পৰিয়ালটোক ন্যায় দিব পাৰিবানে? উল্লেখ্য যে চৰৰ এই সকল মাতাব্বৰে ভূমি দখল, দালালি, ৰাইজ মেল আদিৰ নামতো ধন সংগ্ৰহ কৰি আহিছে । তাৰোপৰি দৰিদ্ৰ কৃষক সকলে গুণ্ডা কৰো আদায় দিব লাগে মাতাব্বৰক । নিদিলে আহে মৃত্যুৰ ভাবুকি । অতি দূৰ্গম অঞ্চল আৰু নিৰক্ষৰতাৰ সুযোগ গ্ৰহণ কৰি মাতাব্বৰ সকলে চলাই আহিছে মাতাব্বৰীৰাজ । কিন্তু এই সকল মাতাব্বৰক আৰক্ষী প্ৰশাসনে নিয়ন্ত্রণ কৰিবলৈ সক্ষম নোহোৱাতো এক চিন্তনীয় বিষয় ।

ইছাম উদ্দিন

Leave a Reply

Your email address will not be published. Required fields are marked *