0 00 1 min 3 yrs 231
 ধিঙৰ বিধায়ক আমিনুল ইছলামৰ আজৱ আধাৰশিলাক লৈ সৰব চৰ্চা । 
ভোটাৰৰ মাজত সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ ।
বিধায়ক শ্বেৰমান আলীৰ পিছত এইবাৰ আধাৰশিলা স্থাপনক লৈ চৰ্চালৈ আহিছে ধিঙৰ বিধায়ক আমিনুল ইছলাম । বিধায়ক ইছলামে ব্যতিক্ৰমী ৰূপত স্থাপন কৰিলে আধাৰশিলা । এই আধাৰশিলাৰ দৃশ্য সমূহ দেখিলে আপোনাৰ চকু কপালত উঠিব । প্ৰথমে চাওঁক এই দৃশ্য সমূহ । কৰবাত যদি কলগছৰ খুটাত আৰিছে আধাৰশিলাৰ নাম ফলক ক’ৰবাত আকৌ বাঁহৰ খুটাত । বিধায়ক আমিনুল ইছলামৰ এনে আজৱ আধাৰশিলাক লৈ সমষ্টিবাসীৰ মাজত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ । বহুতক আকৌ যোগাইছে হাঁহিৰ খোৰাকো । ইফালে আধাৰশিলাৰ নাম ফলক সমূহত লিখা আছে কৰবাত যদি ১৮ ফেব্ৰুৱাৰী কৰবাত আকৌ ২০ ফেব্ৰুৱাৰী, কিন্তু আধাৰশিলা স্থাপন কৰিছিল ২৫ ফেব্ৰুৱাৰীত । প্ৰকৃততে নিৰ্বাচনী অধিসূচনা জাৰি হোৱাৰ আগদিনা বিধায়ক আমিনুল ইছলামে সমষ্টিৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত বিধায়ক পুঁজিৰে নিৰ্মাণ হ’ব লগীয়া PUBLIC WATER UTILITY SYSTEM নামৰ কেইবাটাও আঁচনিৰ আধাৰশিলা স্থাপন কৰে । চতুৰ বিধায়ক জনে এসপ্তাহৰ ভিতৰত কাম আৰম্ভ কৰিব বুলি ৰাইজক ভুৱা আশ্বাস দিছিল । স্থানীয় ৰাইজেৰ অকৰ্মন্য বিধায়ক জনৰ অভিসন্ধি বুজিবলৈ বেছি সময় নালাগিল ।কিয়নো আধাৰশিলা স্থাপনৰ পিছৰ দিনাই জাৰি হ’ল অধিসূচনা । বিধায়ক জনে দুটাকৈ কার্যকালত ধিং সমষ্টিৰ উন্নয়ন কৰিবলৈ সক্ষম নোহোৱাত ক্ষোভিত এতিয়া সমষ্টিবাসী ।
 বিতর্কিত মন্তব্য আৰু ভুৱা আশ্বাসেৰে ৰাইজক আভুৱা ভাৰি ৰাম ঠগন দিয়া বিধায়ক জনক আগন্তুক নিৰ্বাচনত প্ৰত্যুতৰ দিবলৈ সাজু হৈছে ভোটাৰ সকল । যাৰ বাবেই এই জন বিতর্কিত বিধায়ক প্ৰায়ে ৰাইজৰ ৰোষত পৰি আহিছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *