0 00 1 min 3 yrs 172

ধূপগুৰিৰ হাজাৰ-হাজাৰ কৃষিভূমি কৃত্রিম বানপানীৰ কবলত ।অনিদ্ৰা-অনাহাৰে জ্বালা যান্ত্রণাত এইসকল গঞা ৰাইজ ।ক’ভিড পৰিস্থিতিৰ সমস্যা মাৰ নাযাওঁতেই অন্য এক সমস্যাৰ সন্মুখীন হ’ব লগীয়া হৈছে বটদ্ৰৱাৰ বৃহত্তৰ ধূপগুৰি অঞ্চলবাসীৰ । ৰাজ্যৰ এফালে গৰাখহনীয়া বানপানীত হাজাৰ-হাজাৰ পৰিয়াল দিশহাৰা আনফালে কৃত্ৰিম বানপানীৰ কবলত দিকবিদিক হেৰুৱাই পেলাইছে ধূপগুৰিৰ ৰাইজে । বিগত কিছুদিনৰ পৰা ধাৰাসাৰ বৃষ্টিপাতৰ ফলত ধূপগুৰি অঞ্চল এতিয়া কৃত্ৰিম বানপানীৰ কবলত ।আজি প্ৰায় পোন্ধৰ দিন ধৰি এইসকল চহা কৃষকে ভূগিব লগীয়া হৈছে জ্বালা -যন্ত্রণা ।হাজাৰ-হাজাৰ কৃষিভূমি, ৰাস্তা পথবোৰ বন্ধ হৈ পৰাৰ লগতে ঘৰৰ ভিতৰে-বাহিৰে কৃত্ৰিম বানপানীত বুৰ গৈছে সকলো আচবাব । এই লোকসকলে পেটৰ ভাতমুঠিৰ কাৰণে এসাজ চিৰা আৰু আন এসাঁজ কোনোমতে চুবুৰীয়া ঘৰত ৰান্ধি খাবলগীয়া হৈছে । মুঠৰ ওপৰত চাৰিওদিশত সমস্যা আৰু সমস্যা ।এনেদৰে পোন্ধৰ বিশ দিন অতিবাহিত কৰি অতিস্থ হৈ আৰু কেইদিন মান অতিবাহিত কৰিলে মৃত্যু মুখত পৰাও সম্ভাৱনা অধিক বুলি দুখেৰে প্ৰকাশ কৰে ভুক্তভূগি গাওঁ বাসীয়ে ।এই সমগ্ৰ পৰিস্থিতি শান্তিজানৰ জলাসয় সমূহ চলাচলৰ বাবে কালভাৰ্ট বন্ধ কৰি দিয়াৰ ফলতে এনে পৰিস্থিতি সন্মূখীন হব লগীয়া হৈছে বুলি গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে গাওঁবাসীয়ে ।ইতিমধ্যে উক্ত বিষয় সন্দৰ্ভত ধিং ৰাজহ চক্ৰ বিষয়াকো বাৰে বাৰে অবগত কৰাত কোনো ব্যৱস্থা গ্ৰহণ নকৰা গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে ।নিসহায় গাওঁ বাসীয়ে এনে সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ প্ৰশাসন তথা অসম চৰকাৰক বিচাৰিছে সহায়ৰ হাত । বটদ্ৰবাৰ এই গঞা ৰাইজৰ প্ৰতি চৰকাৰে কেনেধৰণৰ ভূমিকা গ্ৰহণ কৰিব সেয়া পৰৱর্তী সময়ত হে বুজিব পৰা যাব ।ধিঙৰ পৰা ইছাম উদ্দিন আহমেদৰ ৰিপোৰ্ট ।

Leave a Reply

Your email address will not be published. Required fields are marked *