0 00 1 min 4 yrs 229

জাঘৰীয়া আজি বিপথে গ’ল,

জাতীয় নায়কো জাতিদ্ৰোহী হ’ল।
ভূমিপুত্ৰৰ উত্তপ্ত চিঞঁ‌ৰত আজি
আকাশখন জাঙোৰ খাই উঠিছে,
অসমীক সৃষ্টিৰ মূল ভবা কবিজনে
লুইতৰ দাঁতিত নীৰৱে চকুলো টুকিছে।
ৰঙা বেয়া পোৱা জনেই আজি
আঙুলি কাটি প্ৰতিবাদ কৰিছে,
চোলাটো অলপ লেতেৰা হ’লে নিপিন্ধা ল’ৰাজনে আজি
ৰাজপথত নগ্ন হৈ আন্দোলন কৰিছে।
গণতন্ত্ৰক অপমান কৰি
নেতাবোৰে ছাত্ৰসমাজক ভাবুকি দিছে,
অসমীয়াৰ স্বাভিমানক নাগপুৰীয়াক বিক্ৰী কৰিছে।
এতিয়া মাত্ৰ কেইটামান দিন, 
অসমীয়াৰ তেজ আকৌ উভৰিব
প্ৰতিজন অসমীয়াই অস্ত্ৰ তুলিব,
অসমৰ মাটিত লাচিত আকৌ জাগিব।

Leave a Reply

Your email address will not be published. Required fields are marked *