0 00 1 min 4 yrs 223

সাম্প্ৰদায়িক বহিঃৰাগত অপশক্তিৰ বিৰুদ্ধে চিলাপথাৰত সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাৰ দ্বাৰা ‘সংকল্প দিৱস’ত আয়োজন কৰা হয় । ২০১৭চনৰ আজিৰ দিনটোতেই ধেমাজি জিলাৰ চিলাপথাৰত সুবোধ বিশ্বাস নামৰ বঙালৰ নেতৃত্বত এচাম অসমবিদ্বেষীয়ে অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষাৰ ৰণত জীৱন আহুতি দিয়া শ্বহীদৰ পুণ্য স্মৃতিত প্ৰতিষ্ঠিত শ্বহীদ বেদী, জাতিৰ আমঠু জ্যোতিপ্ৰসাদ আগৰৱালা, ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবি, জাতিৰ স্বাভিমান গামোচা গচকি, আলি আয়ে লিগাং, খ্ৰীং খ্ৰীং বাইথৌ পূজাৰ স্থলী আৰু তোৰণ লণ্ডভণ্ড কৰি অসমীয়া জাতিৰ প্ৰতি চূড়ান্ত অপমান কৰিছিল।

  সেই দিনটোৰ ক’লা ইতিহাসৰ বিৰুদ্ধে অসমীয়া জাতিৰ স্বাভিমান, একতা আৰু শৌৰ্যক স্মৰণ কৰি, বহিঃৰাগত শক্তিৰ বিৰুদ্ধে একত্রিত হোৱাৰ সংকল্পৰে আজি চিলাপথাৰত সমৱেত হয় সহস্ৰাধিক লোক আৰু লগতে সমৱেত ৰাইজে এক হৈ বহিঃৰাগত শক্তিৰ বিৰুদ্ধে সংকল্প গ্ৰহণ কৰে ।
                                এই সভাতে চিলাপথাৰৰ বামগাঁও ৰাইজে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে চলোৱা আইনী যুঁজৰ বাবে ৩০,০০০ টকাৰ আৰ্থিক সাহাৰ্যও ছাত্র সন্থাক অৰ্পণ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *