0 01 1 min 3 yrs 181

দুমাহ ধৰি নিৰুদ্দেশ বৰিবজাৰ শিলপুখুৰী গাঁৱৰ ফইজুল হক ।

মৰিগাওঁ জিলাৰ বৰিবজাৰ শিলপুখুৰী গাঁৱৰ নিবাসী ফইজুল হক বিগত দুমাহ ধৰি নিৰুদ্দেশ হৈ আছে । জানিব পৰা মতে ৩৫ বছৰীয়া মানসিক বিকাৰগ্ৰস্ত লোকজন মাজে-সময়ে তেনেদৰে ঘৰৰ পৰা নিৰুদ্দেশ হৈছিল যদিও নিজেই উভতি আহিছিল ।

কিন্তু এইবাৰ দুমাহ অতিক্ৰম কৰাৰ পাছতো উভতি নহাত চিন্তিত হৈ পৰিছে পৰিয়ালৰ লোক। মানুহজনৰ সন্ধান বিচাৰি ইফালে-সিফালে বিচাৰ-খোচাৰ কৰিও কোনো সম্ভেদ পোৱা নাই ।সেইয়ে কোনো সদাশয়ে লোকজনৰ সম্ভেদ পালে ওচৰৰ আৰক্ষী থানা নতুবা 93653 34330 নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে কাতৰ ভাবে অনুৰোধ জনাইছে ।

সংবাদ দাতাঃ ইছাম উদ্দিন ।

Leave a Reply

Your email address will not be published. Required fields are marked *