0 00 1 min 3 yrs 208

নগাঁৱৰ কচুৱা মডেল হস্পিতেল পৰিদৰ্শন কৰে ৰহা সমষ্টিৰ অগপ মিত্ৰযোঁটৰ প্ৰাৰ্থী হিচাপে হৈ যোৱা বিধানসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়োৱা বিষ্ণু দাসে । আজি সমষ্টিটোৰ কচুৱা মডেল হস্পিতেলত উপস্থিত হৈ অভাৱ-অভিযোগৰ বুজ লয়।কচুৱা পঞ্চায়তৰ অগপ বিজেপিৰ কৰ্মী সকলৰ লগত মত বিনিময় কৰে। ৰাজনীতিৰ নাম লৈ পঞ্চায়ত বোৰত কিছুমান দালাল আছে যিসকলে দুখীয়া মানুহবোৰৰ মুখৰ ভাত কাঢ়ি খায় । দুৰ্নীতি কৰা কোনো ব্যাক্তিক ৰেহাই দিয়া নহ’ব আৰু এই বিষয়ে মুখ্যমন্ত্ৰীক পোণপটীয়াকৈ জনোৱা হব বুলি তেওঁ কয় । সমাজৰ প্ৰত্যেক জন নাগৰিক এতিয়া একো একোজন সৈনিক হ’ব লাগিব। সমাজৰ পৰা দুৰ্নীতি নাইকিয়া কৰিবলৈ সকলোৱে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক সহযোগ কৰিব লাগিব বুলি উল্লেখ কৰে।কচুৱা মডেল হস্পিতেলৰ অভাৱবোৰ পুৰন কৰিবলৈ মুখ্য মন্ত্ৰীক অৱগত কৰা হব যাতে সোনকালে হস্পিতেলখন ৰাইজৰ বাবে সুবিধাজনক হৈ উঠে বুলিও তেওঁ কয় । হস্পিতালখনৰ চৌহদত গছপুলিও ৰোপন কৰে দাসে । এই কাৰ্যসূচীত তেওঁক সংগ দিয়ে নগাঁও জিলাৰ কিশান মৰ্চাৰ উপসভাপতি উত্তম চন্দ দাসে । সংবাদ দাতাঃ খাইৰুল ।

Leave a Reply

Your email address will not be published. Required fields are marked *