0 00 1 min 2 yrs 173

নগাওঁ জিলাৰ জাঁজৰিত নিকৃষ্ট কাণ্ড । সম্বন্ধীয় ককায়েকৰ কামনাৰ বলি হৈ অন্তঃসত্ত্বা হ’ল এগৰাকী যুৱতী । ইউটিউবাৰ চাজিদ ৰহমানে নগাওঁ জিলাৰ জাঁজৰিত সংঘটিত কৰিলে সভ্য সমাজক লজ্জানত কৰা এক ঘটনা । সম্বন্ধীয় ভাতৃৰ কামনাৰ বলি হ’ল এগৰাকী যুৱতী । ঘটনা সংঘটিত হয় জাজৰিৰ বৰমণিপুৰ নিচামতলত । ছাজিদুৰ ৰহমান নামৰ বিবাহিত লম্পটজনে সংঘটিত কৰে এই নিকৃষ্ট কাণ্ড । নিজ পত্নীৰ লগতে দুই সন্তানৰ পিতৃ ছাজিদুৰে পত্নীৰ ঘৰত নথকাৰ সুযোগ লৈ সম্বন্ধীয় ভনী তথা এই যুৱতীগৰাকীক ঘৰত কাম কৰাৰ চলনাৰে মাতি আনি সংঘটিত কৰে কু-কৰ্ম । ইতিমধ্যে দুমাহৰ অন্ত:সত্ত্বা যুৱতী গৰাকীৰ পৰিয়ালে স্থানীয় বৰিবজাৰ আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে যদিও লম্পট ছাজিদুৰ ৰহমানক আটক কৰিবলৈ সক্ষম হোৱা নাই ।

সংবাদ দাতাঃ ইছাম উদ্দিন ।

Leave a Reply

Your email address will not be published. Required fields are marked *