0 00 1 min 4 yrs 233
অসম সত্ৰ মহাসভাৰ অন্তৰ্গত নলবাৰী জিলাৰ দৌলাশালস্থিত শ্ৰীশ্ৰী কানাই ব’লাই আদি থান সত্ৰত বিগত বিশ বছৰে ভাদ মাহৰ পৱিত্ৰ পূৰ্ণিমা তিথিত এক বৰ্ণিল পৰিৱেশত অগণন ভক্তৰ উপস্থিতিত ভাগৱত পাঠ , ভাগৱত ব্যাখ্যা আৰু ধৰ্মালোচনা সভা চলি আহিছে যদিও এইবেলি ক’ৰোনা সৃষ্ট পৰিস্থিতিৰ বাবে মাত্ৰ ধৰ্মীয় পৰম্পৰা ৰক্ষাৰ্থে এদিনীয়াকৈ ভাগৱত পাঠ কৰাৰ সিদ্ধান্ত লৈ দৌলাশাল গাঁওবাসীয়ে আজি পুৱাৰে পৰা  ভাগৱত পাঠ আৰম্ভ কৰে  । মহামাৰী ক’ৰোনাৰ বিধ্বংসী ৰূপ আৰু চৰকাৰী নীতি নিৰ্দেশনাৰ প্ৰতি লক্ষ্য ৰাখি এদিনীয়াকৈ ভাগৱত পাঠ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে দৌলাশাল অঞ্চলৰ সমাজ ব্যৱস্থাৰ সৰ্বোচ্চ অনুষ্ঠান উন্নতি সাধিনী সভাই । একবিংশতিতম  বৰ্ষৰ বাবে কানাই ব’লাই আদি থান সত্ৰত  ভাগৱত পাঠ আৰু ভাগৱত ব্যাখ্যা চলি আছে  । পুৱা ধৰ্মধ্বজা উত্তোলন কৰে দৌলাশাল উন্নতি সাধিনী সভাৰ সভাপতি গৰ্গনাৰায়ণ বৰ্মনে । বন্তি প্ৰজ্বলন কৰে সত্ৰ পৰিচালনা সমিতিৰ সভাপতি জনাৰ্দন বৰ্মনে ।  জটিল পৰিস্থিতিৰ বাবে এইবেলি বৰ্ণিল শোভাযাত্ৰাৰ পৰিবৰ্তে পুৱা ভাগৱত লৈ সত্ৰ পৰিভ্ৰমণ কৰে গায়ন-বায়ন , আয়তী-ভকত সমন্বিতে উদ্যোক্তাই । ভাগৱত বহনকাৰী উত্তম চন্দ্ৰ নাথক সহায় কৰে সত্ৰ পৰিচালনা সমিতিৰ সম্পাদক কামিনী নাথ আৰু ভকত উমেশ ডেকাই ।  ভাগৱত পাঠৰ শুভাৰম্ভ কৰে শ্ৰীশ্ৰী কানাই বলাই  আদি থান সত্ৰৰ সত্ৰাধিকাৰ বাণীকান্ত দেৱ গোস্বামীয়ে ।  সীমিত সংখ্যক স্থানীয় পাঠকৰ দ্বাৰা একাদিক্ৰমে ভাগৱত পাঠ আৰু ব্যাখ্যাৰে নিশা অনুষ্ঠানৰ সামৰণি পৰিব ।
বাইট: গৰ্গ নাৰায়ণ বৰ্মন। সভাপতি,  দৌলাশাল উন্নতি সাধিনী সভা
মুকালমুৱাৰ পৰা সমৰজিত পাঠক

Leave a Reply

Your email address will not be published. Required fields are marked *