0 00 1 min 4 yrs 233

ষ্ট কবিতা তই মোৰ

নষ্ট চৰিত্ৰৰ ৷
নষ্ট শিকলিৰে গঠা তই 
মোৰ নষ্ট শব্দৰ
জপনা খুলিব খোজা
মোৰ নষ্ট কল্পনাৰ
এটি নষ্ট চৰিত্ৰ ৷
তই জীয়া মৰিচীকা ৷
মোৰ উন্মাদ বাহুৰ 
নষ্ট আলিংগনত
তই এটি নষ্ট চৰিত্ৰ
মোৰ নষ্ট কল্পনাৰ ৷
এখন এখনকৈ আতৰাঁই 
কৃত্ৰিমতাৰ আভৰণ
দুহাত বুলাই দিম তোৰ 
অকৃত্ৰিম মৰম বানত
মোৰ দুষ্ট হাতৰ পৰশত
হৈ পৰিবি নষ্ট চৰিত্ৰৰ
নষ্ট কবিতা
মোৰ নষ্ট নায়কৰ ৷
           – তুলিকা ভাগৱতী
              নলবাৰী, অসম

Leave a Reply

Your email address will not be published. Required fields are marked *