0 00 1 min 4 yrs 221

হাজাৰ হাজাৰ জনতাৰ প্ৰতিবাদী কণ্ঠক আওকাণ কৰি ৰাষ্ট্ৰপতিয়ে কেবত স্বাক্ষৰ কৰাৰ পাছত কেব পৰিণত হ’ল আইনলৈ । তাতোকৈ বেয়া খবৰ কি হ’ব পাৰে অসমবাসীৰ বাবে । কিন্তু চৰকাৰে এটা কথা মনত ৰখা উচিত যে আমি লাচিতৰ দেশৰ মানুহ হয় । হাত সাবতি বহি থকা বিধৰ নহয় । দৰকাৰ হ’লে প্ৰাণ দিম কিন্তু অসম নিদোঁ । অসম অতীজৰ পৰা খীলঞ্জিয়াৰ আৰু আগলৈয়ো থাকিব । অসমীয়া জাতি তথা ভাষা সংস্কৃতিৰ লগত যি ষড়যন্ত্ৰ সেয়া আমি কেতিয়াও মানি নলওঁ । আমি কোনো গোলাম বা চাকৰ নহয়‌ যে যি ক’ব তাকে মানি ল’ম । বিবেক বুদ্ধি আমাৰ শেষ হৈ যোৱা নাই ।

যি অসমবাসী ৰাইজৰ বাবে সোণোৱাল ডাঙৰীয়া আপুনি মুখ্যমন্ত্ৰীৰ আসন পালে তেওঁলোকৰ কাতৰ বিননি আজি আপোনাৰ কাণত পৰা নাই । আচৰিত ।ৰাইজৰ অবিহনে আপোনাৰ অস্তিত্ব ক’ত ?  আমি এখন সুষ্ঠ সবল অসম বিচাৰিছিলোঁ কিন্তু দিলে কি ?
#nocabnocab

Leave a Reply

Your email address will not be published. Required fields are marked *