0 00 1 min 3 yrs 184

নিজকে আৰক্ষী সজাই টীয়কত দিন-দুপৰতে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথতে ডকাইতি ৷ অৱশেষত কৰায়ত্ত গাড়ী সহ দুজনক । যোৱাকালি টীয়কত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত মেলেং মেটেলিত দিন দুপৰতে শিৱসাগৰ জিলাৰ আমগুৰিৰ হনুমান হাৰ্ডৱেৰ এণ্ড ইলেকট্ৰিকেলছৰ দুই কৰ্মচাৰী ৰামেশ্বৰ মাহাতো আৰু চালক পাৰ্থপ্ৰতীম বুঢ়াগোহাঁয়ে দুপৰীয়াৰ ভাগত যোৰহাটৰ পৰা নিজা বলেৰ’ পিকআপ বাহনেৰে দোকানৰ সামগ্ৰী কিনিবলৈ বুলি আহিছিল।তেনে সময়তে AS03M 5196 নম্বৰৰ এখন বগা ৰঙৰ ইণ্ডিগ’ বাহনত অহা তিনি দুৰ্বৃত্তই নিজকে আৰক্ষীৰ মানুহ বুলি কৈ গাড়ী ৰখাবলৈ সংকেত দিয়ে আৰু গাড়ীত ড্ৰাগছ আছে বুলি ধমকি দি তালাচী চলোৱাৰ চলেৰে দুই লাখ টকা লৈ উধাও হৈছিল। পৰবৰ্তী সময়ত ভূক্তভোগীয়ে স্থানীয় লাহদৈগড় আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে ৷ ইতিমধ্যে আৰক্ষীৰ প্ৰাৰম্ভিক তদন্তত দেৰগাঁৱৰ পৰা ডকাইটিকাণ্ডত ব্যৱহাৰ কৰা গাড়ীসহ চালক সমীৰন বৰা আৰু চেনিজানৰ পৰা আনজন ডকাইত লাতু বৰাক কৰায়ত্ত কৰিবলৈ সক্ষম হয় লাহদৈগড় আৰক্ষী ৷

(দেৱজিৎ)

Leave a Reply

Your email address will not be published. Required fields are marked *