0 00 1 min 3 yrs 227



A+VO- পৰিয়ালৰ লোক ঘৰত নথকাৰ সুযোগ লৈ নিজৰ ১৬ বছৰীয়া ভাগিনিয়েকক বলপূর্বক ভাৱে ধৰ্ষণ কৰিলে লম্পট অজগৰ আলী নামৰ মোমায়েকে ।এনে এক জঘন্য ঘটনা সংঘটিত হৈছে জুৰিয়া থানাৰ অন্তৰ্গত বাটামাৰীত ।লম্পট যুৱক জনৰ ঘৰ ধিঙৰ ২নং কান্ধুলিমাৰীত ।লম্পট অজগৰ আলীক এনে কুকৰ্ম কৰিব নিদিলেই প্ৰাণে মৰা ভাবুকি দিয়ে কিশোৰী গৰাকীক ।মঙ্গলবাৰে ভাগিনীয়েৰ ঘৰত নিশা ৯মান বজাত কিশোৰী গৰাকীৰ লগত অবৈধ কামত লিপ্ত থকা অৱস্থাতে স্থানীয় লোক সকলে হাতে লোটে ধৰা পেলাই স্থানীয় আৰক্ষী প্ৰশাসনক গতাই দিয়ে ।ইতিমধ্যে সমগ্র ঘটনা মবাইল কেমেৰাত আবদ্ধ কৰিবলৈও সক্ষম হয় স্থানীয় লোক সকলে ।বিগত সময়তো ভাবুকি প্রদান কৰি কিশোৰী গৰাকীক ধৰ্ষণ কৰিছিল বুলি গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোক সকলে।উক্ত ঘটনা সন্ধৰ্ভত ভুক্ত-ভূগি কিশোৰী গৰাকীৰ পৰিয়ালৰ লোকে উচিত ন্যায় বিচাৰি দগাওঁ আৰক্ষী পহৰা চকীত এজাহাৰ দাখিল কৰে।আনহাতে এই বৰ্বৰ ঘটনা সন্ধর্ভত নৰপিশাস পাষণ্ডটোৰ ওপৰত জাঙুৰ খাই উঠিছে অসম মজুৰি শ্ৰমিক ইউনিয়ন আৰু সংখ্যালঘু গণতান্ত্ৰিক যুৱ ছাত্ৰ ফেডাৰেশ্বন সংঘটন দুটাই।উক্ত সংঘটন দুটাই মামা ভাগিনৰ পবিত্ৰ সম্পৰ্কত কালিমা সনা আজগৰ আলী নামৰ পাহণ্ডটোক দৃষ্টান্তমূলক শাস্তি বিহিবলৈ মুখ্যমন্ত্ৰীৰ লগতে স্থানীয় আৰক্ষী প্ৰশাসনক অনুৰোধ জনায় লগতে কয় যে,এই পাহণ্ডটোক এনেধৰণৰ শাস্তি প্ৰদান ন কৰিব লাগে যাতে দুনাই এনে ঘটনা সংঘঠিত কৰিবলৈ কোনো লোকে সাহস নকৰে ।ইতিমধ্যে আৰক্ষীয়ে আজগৰ আলী নামৰ পাষণ্ডটোক জেল হাজোতলৈ প্ৰেৰণ কৰে বুলি জানিবলৈ পোৱা গৈছে।

ইছাম উদ্দিন

Leave a Reply

Your email address will not be published. Required fields are marked *