0 00 5 yrs 87
     বোকাখাতৰ কৃত্ৰিম বানৰ বাবে জগৰীয়া স্থানীয় লোক ৷ এই কথা বিধায়ক অতুল বৰাৰ। নলাবোৰ পুতি পেলোৱাৰ বাবেই বোকাখাত এই অৱস্থা ৷ বোকাখাতৰ ৪ নং ৱাৰ্ডৰ কৃত্ৰিম বান পৰিদৰ্শন কৰিলৈ আহি পানী ওলাই যাব পৰা নলা সমূহ পৰীক্ষা কৰে।
বোকাখাত নগৰৰ চাৰি নং ৱাড সম্পূৰ্ণ ৰূপে পানী তলত থকাৰ পাছত বুধবাৰে সন্ধ্যা স্থানীয় বিধায়ক তথা মন্ত্ৰী অতুল বৰাই বান পৰিস্থিৰ বুজ লয়। ৱাডটোত অপৰিকল্পিত ভাবে গৃহ নিৰ্মাণ কৰি পানী ওলাই যোৱাৰ পথসমূহ বন্ধ কৰি দিয়াৰ বাবেই কৃত্ৰিম বানৰ কবলত পৰিছে বুলি অতুল বৰাই কয়।  অন্যহাতে ৱাডটোত বান পানী বুজ লবলৈ আহি মন্ত্ৰীয়ে কনভয়ৰ গাড়ীৰ পৰা ননমাকৈ কোনো লোকক দুখৰ অৱস্থাৰ কথা গম নোলোৱাৰ বাবে স্থানীয় লোকে আক্ষেপ কৰে।
   বোকাখাতৰ কৃত্ৰিম বান নিৰ্মূলৰ বাবে বিগত বছৰতো মন্ত্ৰী অতুল বৰাই ৰাইজক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল কিন্তু এবছৰৰ পাছতু কোনো কাম কৰাৰ নমুনা দেখা নগল। বৰ্তমান কেইজাকমান বৰষুণতে জলমগ্ন হৈ পৰিছে ৱাডটো। আনহাতে বোকাখাত নগৰ সমিতিৰ দ্বাৰা নিৰ্মাণ কৰি থকা পকা নৰ্দমা কেইটা পতিকূল  বতৰৰ বাবে সম্পূৰ্ণ হৈ উঠা নাই। ফলত নগৰ খনৰ পৰা পানী ওলাই যোৱাৰ পথ সম্পূৰ্ণ বন্ধ হৈ পৰিছে।
পপী শইকীয়া

Leave a Reply

Your email address will not be published. Required fields are marked *