হাস্নাহানাৰ তীব্ৰ সৌৰভেও যেন
তাক আঁতৰ কৰি নিব পৰা নাই তাইৰ পৰা ,
ৰজনীগন্ধাৰ সপোন বিভোৰ সৌৰভো যেন ব্যৰ্থ
তাক তাইৰ পৰা আতঁৰ কৰাত,
তগৰে দূৰৰ পৰাই মিচিকিয়াই ৰৈ কয়-
‘লাগিলে দিবা-ৰাত্ৰি এক হৈ পৰক
লাগিলে নীলিমাৰ পৰা চন্দ্ৰমা আঁতৰ হৈ যাওঁক
তথাপিও কিন্তু তাক তাইৰ পৰা আঁতৰ কৰিব নোৱাৰ কোনেও ‘
হাস্না-ৰজনীৰ নৈশ-দিবা থকা সৌৰভও
তাইৰ ক্ষণস্হায়ী মাধৱী সৌৰভৰ আগত ম্লান,
নোৱাৰে কোনেও তাইৰ সৌন্দৰ্যৰ আগত তিষ্ঠিব
কাৰণ তাৰ বাবে সেয়াই যেন স্থৈয
আৰু সিহঁতৰ প্ৰণয় শাশ্বত ,
তাইৰ সৌন্দৰ্য্য ম্লান পৰিব
কিন্তু পুনৰ তাৰ পৰশতেই প্ৰাণ পাই উঠিব,
তাইৰ সুবাসে তাক মতলীয়া কৰিব
সিও আহি তাইৰ কোলাতেই জিৰণি ল’ব
দুয়ো-দুয়োৰে বাবেই পৰিপূৰক হৈ ৰ’ব ,
নোৱাৰে কোনেও এই প্ৰণয়যুগলৰ বিচ্ছেদৰ সোৱাদ ল’ব ।
মাজে মাজে তাই স্বৰ্ধাকাৰী হৈ পৰে
নহ’বনো কিয় !
এই স্বৰাজ তাই তাৰ পৰাই লাভ কৰিছে,
গুৰু-গম্ভীৰ তটিনীৰ উৰ্মিমালাও যেন
সিহঁতৰ প্ৰীতিৰ সুবাসতেই
আজি প্ৰাণচঞ্চলা ,
শুভ্ৰ -নীৰদৰ আঁৰ লৈ
বৰষাই লুকাই-চুৰকৈ সিহঁতক জোকাইছে ,
তাইৰ শিৰৰ সেওঁতা ফালি
সুৰুজৰ ৰক্তিম আভাৰে সি সেন্দুৰ বোলাইছে
ঢাক-ঢোলৰ সৈতে শাৰদী ৰাণী মা ৰ আশীষেই যেন ইয়াৰ প্ৰতিভূ,
মধুৰ বাঁহীৰ কাকলিৰে সৈতে
অমাৱশ্যা আঁতৰাই সাজু হৈছে জোৎস্না
নিবিড় প্ৰণয়ৰ মালা গাঠিঁবলৈ,
স্নিগ্ধ পৰশেৰে আজি সি আৰু তাই তদাত্ম্য
অনুৰাগপুষ্ট সিহঁতৰ ভাৱ আজি বিমিশ্ৰ
‘শেৱালী’ আৰু ‘নিয়ৰ’ যে আজি বিমুগ্ধ ॥
~বৰেণ্যা কৌশিক