0 00 5 yrs 198
তোমাৰ শব্দময় ৰূপালী নিশাবোৰত
কোনোবা এদিন প্ৰেমত পৰিছিলো
প্ৰেমত পৰিছিলো নৈ ৰ জোনবাই
আৰু জোনাকৰ
তোমাৰ জীৱনৰ পৃষ্ঠাবোৰ লুটিয়াইছিলো
বহু কথাই কৈছিল জীৱনে
অৱশেষত
আমি ভালপোৱা বৰণীয়া আকাশত
ৰামধেনু আকিঁম
সেওঁতাৰ আলিবাটত
কৃষ্ণচূড়া ফুলিব ।
হেপাঁহত চিঞৰি কম
মই এতিয়া এজনী সুখী চৰাই
তোমাৰ প্ৰেমেৰে জীৱন  জুৰাই
কত সাধনাৰ প্ৰাপ্তি তুমি মোৰ
প্ৰিয়তম
আজি সেওঁতাৰ সেন্দুৰে পৰিচয় দিব
মই তোমাৰ বুলি
আজীৱন ।

Leave a Reply

Your email address will not be published. Required fields are marked *