0 00 5 yrs 181
সন্ধিয়া  এটি জয়াল কাল
ক্ৰিং ক্ৰিং ……হেল্লো
শুনিলোঁ আইৰ অসুখ |
সময় আৰু বয়সে
তচনচ কৰা আইৰে দেহা
পালেগৈ হাস্পতালৰ বিচনা |
মোৰ বিচনাৰ দুয়ো কাষে
পৰি আছে  জ্বৰৰ  আলহী
নোৱাৰো যাব আইৰ কাষলৈ  |
যি গাৰে মোৰ বাবে
কটাইছিল কত উজাগৰী নিশা
নিজৰ সুখৰ টোপোলা
বুকুৰ মাজত চেপি ধৰি
জীৱন খোজৰ প্ৰতিটো ক্ষণ
পাৰ কৰিছিল
মোৰে সপোনৰ গান গাই |
আজি আইৰ অসুখত
মই কেৱল ভাৱনাত উঠিছোঁ
তোমাৰ কাষত
এটি ভাষাহীন জঠৰ প্ৰাণী হৈ
পৰি ৰ’লোঁ  …
তোমাৰ অনুভৱৰ  উজাগৰী নিশা
আই তোমাৰ অসুখত |
“””””””””””””””””””””””””””””””””””

Leave a Reply

Your email address will not be published. Required fields are marked *